পৃষ্ঠা:Kamaratna Tantra.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

60


৭৪। অথ যন্ত্ৰ।

 গোৰচাৰে ভূৰ্জ্জপত্ৰত যন্ত্ৰ লিখিব। তাতে স্ত্ৰীৰ নাম লিখি কোষত বা বাহুত ধৰিলে চিৰঞ্জীৱ পুত্ৰ হয়। ইতি মৰকুচিয়াৰ পুত্ৰ ৰক্ষা।

৭৫। অথ গৰ্ভস্ৰাৱ নিবাৰণ।

১। কুমাৰৰ হাতৰ চৰু গড়া মাটি মধু মিহলাই খাব, গৰ্ভপাত নহয়।

২। পাৰ চৰাইৰ বিষ্ঠা লোণ জলবে বাটি খালে গৰ্ভ স্ৰাবয়। ইতি গৰ্ভস্ৰাৱ নিবাৰণ।

৭৬। অথ গৰ্ভদুখ নিবাৰণ।

থিৰ চেনি মিহলাই খালে গৰ্ভদুখ নিবাৰণ হয়। ইতি গৰ্ভদুখ নিবাৰণ।

৭৭। অথ প্ৰদৱ কষ্ট নিবাৰণ।

১। উদ্ধ মুখে বগা কাচমণিৰ মূল আনি সাত ডাল সূতাৰে মেৰিয়াই ককালত বান্ধিলে প্ৰসৱ হয়।

২। তাৰে গুটি পেটত পিহিব, বাটি যোনীত লিপিব, সুখে। প্ৰসৱ হয়।

৩। আন্ধু বাটি পানী দি মথি খালেও কষ্ট নাখায়।

৪। স্ত্ৰী প্ৰসূতি মন্ত্ৰক অষ্টোত্তৰশত জপিব, প্ৰসৱ ঘৰত সুখেৰে প্ৰসৱ হয়। ইতি প্ৰসৱ কষ্ট নিবাৰণ।