সম্ভৱ দেৱালয়ৰ পৱিত্ৰ পৰিবেশ কলুষিত হৈছিল। মন্দিৰত নিজ কৰ্ত্তব্য সম্পাদন কৰাৰ পিচৰ আজৰি সময়ছোৱাক তেওঁলোকৰ নৈতিক-শিথিলতাক ধৰ্ম্মীয় আৰু সামাজিক আকাৰে স্বীকাৰ কৰি লোৱা হৈছিল। এনে অচিলাতে ধনশীল কু-প্ৰবৃত্তি পৰায়ণ লোকসকলে দেৱাৰ্চ্চনাৰ ছলেৰে মন্দিৰলৈ আহি দেৱদাসীৰ লগত ঘনিষ্ঠভাৱে মিলা-প্ৰীতি ঘটোৱাৰ সুযোগ পাইছিল আৰু দেৱদাসীসকলক নানা প্ৰকাৰৰ ব্যভিচাৰত লিপ্ত কৰাইছিল। দামোদৰগুপ্তৰ ‘কুট্ট- নীতম’ত এই ব্যভিচাৰৰ সুস্পষ্ট উল্লেখ আছে। অৱশ্যে সমাজৰ সকলোৱে যে এই প্ৰথাক সমৰ্থন কৰিছিল এনে নহয়; নীতিবাগীশ ধৰ্ম্মপ্ৰাণ লোকে ঘোৰ বিৰোধিতাও নকৰাকৈ থকা নাছিল। দেৱা- লয়ৰ পৱিত্ৰতা অক্ষুণ্ণ ৰখাৰ বাবে নিষ্ঠাবান ব্ৰাহ্মণসকলৰ পৰাও যথেষ্ট বাধা আহিছিল। আলবেৰুণীৰ ‘তক্কিক-ই-হিন্দ্’ গ্ৰন্থত আৰু ‘কুট্টনীতম’ত এই বিৰোধিতাৰ কথা কোৱা হৈছে। কিন্তু যিহেতু সমাজৰ ধনী আৰু ক্ষমতাশালী মানুহেই আছিল এই প্ৰথাৰ পৃষ্ঠপোষক, সেইহেতু বিশেষ কোনো সুফল পোৱা হোৱা নাছিল। অৱশেষত মাদ্ৰাজত সৰ্ব্বপ্ৰথম আইনৰ সহায়েৰে এই প্ৰথাৰ (দেৱদাসী প্ৰথাৰ) মূলোচ্ছেদ কৰা হয়। সম্ভৱতঃ ভাৰতৰ আনবোৰ দেৱালয়তো এনেদৰেই দেৱদাসী প্ৰথা বন্ধ হৈ পৰে। বৰ্ত্তমান অসমৰ কোনো এখন দেৱালয়তে দেৱদাসী নাই।
দেৱদাসী নৃত্য : পৰিহৰেশ্বৰ দেৱালয়ত
আহোম যুগত অসমীয়া গণজীৱনৰ বিহু উৎসৱ পথাৰ বা গছতলৰ পৰা আহি ৰভাস্থলী পায়। পৰিহৰেশ্বৰ দেৱালয়তো ৰঙালী আৰু ভোগালি বিহু ৰাজহুৱাভাৱে পালন কৰিবলৈ লোৱা হয়। আনফালে ‘বৰৰজা’ ফুলেশ্বৰী কুঁৱৰীয়ে দেৱালয়ত দুৰ্গামূৰ্ত্তি দান কৰি দুৰ্গোৎসৱকো দেৱালয়ৰ ভিতৰুৱা অনুষ্ঠান কৰি দিয়ে। সম্ভৱ, তেতিয়াৰে পৰা দেৱদাসীসকলে মন্দিৰৰ ভিতৰত নচাৰ উপৰিও বিহু