আৰু দুৰ্গাপূজাৰ সময়ত মন্দিৰৰ বাহিৰত নচাটোও ৰীতিত পৰিণত হয়। আজি কিছু বছৰ আগলৈকে এনে ৰীতি অব্যাহত আছিল। কথিত আছে যে, আহোম ৰজা শিৱসিংহই দেৰগাৱঁৰ পৰা দেৱদাসী আনি এই দেৱালয়ত দেৱদাসী নৃত্যৰ প্ৰচলন কৰায়।
দেৱদাসী নৃত্যবিগ্ৰহৰ সন্মুখত দিনটোত দুবাৰকৈ, অৰ্থাৎ দুপৰীয়া পূজাৰ সময়ত আৰু সন্ধিয়া আৰতিৰ সময়ত পৰিবেশন কৰা হৈছিল। পুৱাৰ পৰা সন্ধিয়ালৈ নৃত্য পৰিবেশন শেষ নোহোৱা পৰ্য্যন্ত দেৱদাসীসকল ব্ৰতাচাৰিণী হৈ থাকিব লাগিছিল। নৃত্যৰ আগে আগে ডবাত কোব পৰিছিল। প্ৰথম কোব পৰাৰ লগে লগে গোসাঁইক ধুৱাবলৈ আৰম্ভ কৰা হৈছিল। দেৱদাসীসকলে নৃত্যৰ সাজপাৰ পিন্ধি সাজু হব লাগিছিল। দ্বিতীয় কোবৰ লগে লগে পূজা আৰম্ভ হৈছিল আৰু দেৱদাসীসকলে আঠুকাঢ়ি প্ৰণতি জনাই থাকিব লাগিছিল। ডবাত তৃতীয় কোব পৰিলেই দেৱদাসী সকলে নৃত্য আৰম্ভ কৰিছিল।
নৃত্যৰ লগে লগে খোল আৰু ভোৰতাল বাজি উঠিছিল। দুটা কিম্বা তাতকৈ বেছি খোল বজাই ‘গুৰুঘাটা’ মাৰি নৃত্য আৰম্ভ কৰাৰ নিয়ম আছিল। ‘গুৰুঘাটা’ দীঘলীয়াকৈ মৰা হয়। লগত ভোৰতাল এযোৰ বজোৱাৰ নিয়মো আছিল।
দেৱদাসীৰ সাজ-পাৰ
নৃত্য পৰিবেশনৰ সময়ত পিন্ধা সাজ-পাৰৰ বৰ্ণনা ডঃ মহেশ্বৰ নেওগৰ ‘সত্ৰীয়া নাচ’ৰ পৰা উদ্ধৃত কৰি দিয়া হল :
“তলে লহঙা বা মেখেলা; বুকুৰ ওপৰত টানি টানি মেৰিয়াই মূৰৰ ওপৰৰ খোপা ঢকাকৈ এহাতমান বহল, দহ হাতমান দীঘল এখন ৰিহা, মূৰৰ ওপৰত এখন জিলজিলীয়া কাপোৰ; গাত এটা চোলাও পিন্ধিব পাৰে। নতুন যুগ আহিলত হেনো নটীসকলে লহঙা, বগা কাপোৰ এৰি ৰংচঙীয়া শাৰী-জাকি্ট পিন্ধিবলৈ লৈছিল।