পৃষ্ঠা:Chalachitra.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শালীনতাবোধৰ দৃষ্টিভংগীৰে অশালীন বুলি চিহ্নিত কৰা চৰিত্ৰ অংকন কৰোতেও সত্যজিতে সেই চৰিত্ৰবোেৰৰ প্ৰতি প্ৰদৰ্শন কৰিছে গভীৰ সহানুভূতি আৰু আন্তৰিক মৰম। এনে চৰিত্ৰবোৰক সত্যজিতে কেতিয়াও নৈতিকতাৰ তুলাচনীৰে বিচাৰ কৰা নাই অথবা সমালোচনাৰ বাণেৰে ক্ষত-বিক্ষত কৰা নাই। সত্যজিতৰ নাৰী চৰিত্ৰবোৰ সাধাৰণতে হয় স্থিৰমনা, সহনশীল, দৃঢ়চেতা আৰু জীৱনৰ দুখ-কষ্ট, হাঁহি-কান্দোনৰ লগত খাপখুৱাই ল’ব পৰা বিধৰ। এই নাৰী চৰিত্ৰবোৰ জীৱন যুদ্ধত পৰাজয় স্বীকাৰ কৰাৰ পৰিবৰ্তে সাহসেৰে সম্মুখ সমৰত অৱতীৰ্ণ হয়।

 দুগৰাকী নাৰীয়ে সত্যজিতৰ জীৱনক গভীৰ ভাবে প্ৰভাৱিত কৰি আহিছে। এগৰাকী তেওঁৰ মাক আৰু আন গৰাকী তেওঁৰ পত্নী। এই দুই নাৰীৰ জীৱন আৰু কৰ্মই তেওঁক এনেদৰে আবিষ্ট কৰি ৰাখিছিল যে সত্যজিৎ ৰায় সৃষ্ট আলেখ নাৰী চৰিত্ৰৰ মাজত এই নাৰী দুগৰাকীৰ উপস্থিতি লক্ষ্য কৰা যায়।

 অপুৰ মাক সৰ্বজয়াৰ চৰিত্ৰটি ‘পথেৰ পাঁচালী’ত নহয়, ‘অপৰাজিত’ত যিধৰণে প্ৰকাশিত হৈছে, গভীৰ অনুভূতিৰ বান্ধোনেৰে সাঙোৰ খাই থকা মাতৃ-পুত্ৰৰ যি সম্পৰ্ক প্ৰতিভাত হৈছে, তাৰ লগত মিল বিচাৰি পোৱা যায় সত্যজিৎ আৰু তেওঁৰ মাতৃ সুপ্ৰভা দেবীৰ সম্পৰ্কৰ লগত।

 সুকুমাৰ ৰায়ৰ মৃত্যুৰ পিচত মাতৃগৃহলৈ উভতি যাবলৈ বাধ্য হোৱা সুপ্ৰভা দেবীৰ একমাত্ৰ চিন্তা আছিল পুত্ৰ সত্যজিতৰ পঢ়া-শুনাৰ সুব্যৱস্থা কৰা। ইয়াৰ বাবে সকলো ধৰণৰ কষ্ট আৰু দায়িত্বকে তেওঁ মূৰ পাতি লৈছিল। স্বামীহাৰা হোৱাৰ পিচত একমাত্ৰ পুত্ৰকে অৱলম্বন হিচাপে লৈ জীয়াই থকা সুপ্ৰভা দেবীয়ে পুত্ৰক শান্তিনিকেতনত থৈ মানসিকভাবে নিসংগ হোৱাৰ অনুভূতি যেন সম্পূৰ্ণ অবিকৃতভাবে প্ৰতিফলিত হৈছে সৰ্বজয়াৰ চৰিত্ৰৰ মাজত। শৈশৱতে পিতৃহাৰা হোৱা, মাতৃৰ চেনেহৰ মাজত কৈশোৰ অতিবাহিত কৰা, মাতৃৰ সহযোগৰ বাবেই জ্ঞান-তৃষ্ণা পূৰণ কৰিব পৰা সকলো সুবিধা সংগ্ৰহ কৰি অনন্ত কৌতুহলী হৈ উঠা আৰু যৌবনত শিক্ষা গ্ৰহণৰ বাবে মাতৃৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি

যাবলগীয়া হোৱা সত্যজিতৰ জীৱনৰ লগত ‘অপৰাজিত’ৰ অপুৰ কোনো

১৪