পৃষ্ঠা:Chalachitra.pdf/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পাৰ্থক্য নাই। এনেদৰেই সত্যজিতে নিজৰ জীৱনৰ এটি অধ্যায় অপু- সৰ্বজয়াৰ মাজেৰে পুনৰ ৰচনা কৰিছে চলচ্চিত্ৰ মাধ্যমত।

 জীৱনৰ কঠোৰ অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিবলৈ পাৰিবাৰিক আৰু সামাজিক প্ৰতিকুল পৰিস্থিতি-পৰিবেশকো প্ৰত্যাহ্বান জনাই চাকৰি কৰিবলৈ বাহিৰলৈ ওলাই অহা এগৰাকী মধ্যবিত্তীয় নাৰী ‘আৰতি’ৰ সংগ্ৰামৰ কাহিনী ‘মহানগৰ’ যেন সত্যজিতৰ নিজৰ মাতৃ-পত্নী আৰু খুৰীয়েক ডঃ কাদম্বিনী গাংগুলীৰ প্ৰতি শৈল্পীক উপহাৰ। আৰতিয়ে চাকৰি কৰিবলৈ ঘৰৰ চাৰিবেৰৰ মাজৰ পৰা বাহিৰলৈ ওলাই অহা ঘটনাৰ সময় ১৯৫৫ চন— যি সময়ত সম্ৰান্ত ঘৰৰ বোৱাৰী সাধাৰণ কামৰ বাবে বাহিৰলৈ ওলাই যোৱাটো তাকো যৌথ পৰিয়ালৰ মাজৰ পৰা— আছিল এটা অভাবনীয় ঘটনা।

 ‘মহানগৰ’ৰ নায়িকাৰ এই ৰূপ সত্যজিত মাতৃ সুপ্ৰভা দেবীৰ জীৱনৰ লগত মিলি যায়। সত্যজিতে নিজে কৈছে— 'I remember her as working. She was a very hard worker.. She was very particular that I should be sent to a good school and eventually to a good college so that I had the best education. She herself took a job later...... সত্যজিতৰ মাতৃৰ কষ্ট, সংগ্ৰাম, দৃঢ়-বিশ্বাস আৰু আত্মমনা স্বভাৱৰ প্ৰভাবেই যে তেওঁক ‘মহানগৰ’ ছবি কৰিবলৈ উদ্বুদ্ধ কৰিছিল তাত অকণো সন্দেহ থাকিব নোৱাৰে। অকল সুপ্ৰভা দেবীয়ে নহয়, তেওঁৰ পৰিয়ালৰ আন এগৰাকী বোৱাৰী কাদম্বিনী গাংগুলী আৰু সত্যজিৎ পত্নী বিজয়া বায়ও জীৱন নিৰ্বাহৰ বাবে চাকৰিৰ আশ্ৰয় লৈছিল। নাৰীৰ এই আত্মবিশ্বাসী ৰূপে সত্যজিতৰ নাৰী চৰিত্ৰবোৰক প্ৰভাবিত কৰিছে। ‘মহানগৰ’ৰ কাহিনী নৰেন্দ্ৰ নাথ মিত্ৰৰ। সেই কাহিনীৰ মাজত নিজৰ ভাবনাৰ প্ৰতিফলন বিচাৰি পোৱা বাবেহে যে ‘মহানগৰ’ৰ প্ৰতি সত্যজিৎ আকৃষ্ট হৈছিল তাক অনুমান কৰাটো আকণো কঠিন নহয়।

 সত্যজিৎ মাতৃৰ যি স্নেহময়ী, আৰু (Protective) প্ৰকৃতি, পুত্ৰৰ লগত বন্ধুসম সম্পৰ্ক— সেই গুণবোৰ যে অকল সৰ্বজয়াৰ মাজেৰে

প্ৰকাশিত হৈছে সেয়া নহয়, ‘জন-অৰণ্য’ ছবিৰ নবৌয়েকৰ চৰিত্ৰ,

১৫