পৃষ্ঠা:Chalachitra.pdf/২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


পুঞ্জীভূত এইভাবে প্ৰকাশৰ বাট বিচাৰি পালে ‘জলচাঘৰ’ আৰু ‘সতৰঞ্জ কি খিলাড়ী’ ছবিৰ মাজত। দুয়োখন ছবিৰ মাজত বিচাৰি পোৱা নাছিল সাদৃশ্য হ’ল— সত্যজিতে এখন ছবিতো অৱক্ষয়ৰ কাৰণ বিচাৰি যোৱা নাই। যেনেদৰে তেওঁ নিজে বিচাৰি পোৱা নাছিল নিজৰ পৰিয়ালৰ অৰ্থনৈতিক অৱক্ষয়ৰ কাৰণ (Then the business folded up for reasons which I never found out— Satyajit Ray to Shyam Benegal.)

 ‘পথেৰ পাঁচালী’ ছবিৰ সেই দৰিদ্ৰ ব্ৰাহ্মণ, অপুৰ পিতৃ হৰিহৰে এটি দৃশ্যত পদ্য লেখি যশ অৰ্জন কৰা মনোভাব প্ৰকাশ কৰিছে। আপাত দৃষ্টিত কথাটো বৰ সৰু আৰু মূল কাহিনীৰ লগত এই কথাটোৰ বিশেষ সম্পৰ্ক নাই— কাৰণ এই কথাটোৱে ছবিখনৰ আন ক’তোৱেই গুৰুত্ব লাভ কৰা নাই। তেন্তে, সত্যজিৎ ৰায়ৰ দৰে মিতব্যয়ী পৰিচালক এগৰাকীয়ে এই সৰু সংলাপটিত গুৰুত্ব দিয়াৰ প্ৰয়োজন কি? সত্যজিৎ এনে এটা পৰিয়ালৰ বংশধৰ, য’ৰ তেওঁৰ পূৰ্বৰ দুটি প্ৰজন্মই ব্যৱসায় আৰু প্ৰাচুৰ্যৰ মাজতো সাহিত্য চৰ্চাৰ বাবে প্ৰচুৰ সময় আৰু শ্ৰম ব্যয় কৰিছিল। আনকি তেওঁৰ পিতৃ সুকুমাৰ ৰায় ক’লাজ্বৰত আক্ৰান্ত হৈ শয্যাশায়ী হৈ থকা সময়ত— যি সময়ত তেওঁৰ পাৰিবাৰিক ব্যৱসায়ৰ অৱস্থা ক্ৰমাৎ বেয়া হৈ আহিছিল, সেই সময়তো তেওঁ ৰচনা কৰি গৈছিল বাংলা সাহিত্যৰ বহু স্মৰণীয় ৰচনা, ব্যস্ত আছিল নিজৰ কিতাপ ‘হয়বৰল’ৰ ছপা কামত তদাৰক কৰাত। সুকুমাৰ ৰায়ৰ এই কৰ্মস্পৃহা সত্যজিতৰ জীৱনতো প্ৰতিফলিত হৈছে, সুকুমাৰ ৰায়ৰ সাহিত্য-প্ৰীতিৰ স্পিৰিট প্ৰকাশিত হৈছে ‘পথেৰ পাঁচালী’ৰ হৰিহবৰ সেই সংলাপটিৰ মাজত।

 সত্যজিতৰ ছবিবোৰৰ এটি লক্ষ্যণীয় বৈশিষ্ট্য হ’ল নাৰী চৰিত্ৰৰ চিত্ৰায়ণ। সামগ্ৰিকভাবে সত্যজিৎ-ছবিত নাৰী চৰিত্ৰৰ সংখ্যা কম। সোণাৰ কেল্লা, জয়বাব ফেলুনাথ, গোপী-বাঘাৰ ছবি দুখন— এইবোৰত নাৰী চৰিত্ৰ প্ৰায় শূন্যপ্ৰায়। সংখ্যাত কম হলেও সত্যজিৎ ৰায়ৰ সৃষ্ট প্ৰতিটো নাৰী চৰিত্ৰৰ মাজেৰে প্ৰকাশ পাইছে নাৰীৰ প্ৰতি পৰিচালকৰ

সম্মান, আন্তৰিকতা আৰু গভীৰ মমত্ববোধ। আনকি সামাজিক

১৩