ভোদাৰামৰ ভাগ্য
বুদুৰাম আছিল ভোদা; এই কাৰণেই গাঁৱৰ মানুহে তাৰ নাম
দিছিল ভোদাৰাম। বুদ্ধি কৰি কোনো কাম ভোদাৰামে কৰিব
নোৱাৰিছিল। তাৰ বুদ্ধি মতে কাম কৰিলে তোমাৰ সকলো কাম পণ্ড
হবই হব। ভোদাৰামক দেখিলেই সৰু সৰু লৰা-ছোৱালী বিলাকে
চিঞৰি চিঞৰি জোকাবলৈ ধৰে।
এদিন ভোদাৰামৰ মাকে ভোদাৰামক পইছা চাৰিটা দি ক’লে— “যি সস্তা পাৱ, তাকে আনিবি; কিন্তু দৰ দাম কৰিহে বস্তু কিনিবি।’’ “কিছু সময়ৰ পাছত ভোদাৰাম বজাৰৰ পৰা আহিছে—তাৰ মূৰত এটা ডাঙৰ বোজা। সকলো অবাক্- ভোদাৰামে এপাচি গোবৰ আনিছে। মাকে ক'লে— “এইবোৰ কি আনিছ?’ ভোদাৰামে কলে—“কিয়, তুমি কৈছিলা নহয় সস্তা বস্তু আনিবলৈ? চাৰি পইছাৰ ইমানখিনি বস্তু পালো দেখি তাকে আনিলো।” ভোদাৰামৰ কথা শুনি। মাকে কলে— “মই তোক শাক পাচলিৰ যি সস্তা হয় তাকেহে আনিবলৈ কৈছিলোঁ?”
আৰু এদিন মাকে ভোদাৰামক ক'লে— “বেগতে অলপমান মিঠাই কিনি আনচোন, পলম নকৰিবি।” ভোদাৰামে একে লৰে দোকানৰ পৰা কেইডোখৰ মান মিচিৰি আনি দিলে।
আৰু এদিন আবেলি ভোদাৰামে কাপোৰেৰে ঢাকি কিবা এটা বস্তু ঘৰলৈ আনিছে। তাৰ মাকে আচৰিত হৈ ক'লে— “এইবোৰ কি অ’, কাপোৰেৰে ঢাকি কি আনিছ?” ভোদাৰামে মিচিকিয়াই কলে-- “অশ্বত্থ ফল।” মাকে কলে— “অশ্বথ ফলনো কেনেকুৱা?” মাকৰ কথা শুনি ভোদাৰামে কলে- “হু, তোমালোকে মোক ভোদা, ভোদা বোলা; অথচ তোমালোকে অশ্বত্থ ফলৰ নামকে নাজানা। অথনি মই পুখুৰীত বৰশী বাই আছিলো, হঠাৎ দেখিলো পুখুৰীৰ পাৰত এজোপা প্ৰকাও অশ্বত্থ গছত ডাঙৰ ডাঙৰ ফল লাগি আছে। মই বহুত কষ্টেৰে।