পৃষ্ঠা:Bilati Pitha.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কাপোৰেৰে ঢাকি এইবোৰ আনিছে। তথাপি তোমালোকে মোক কোৱা—বুদুৰাম ভোদা!”

 এই বুলি ভোদাৰামে কাপোৰখন গুচাই দিলে। কিন্তু যেই কাপোৰখন সোলোকালে, তৎক্ষণাৎ ভো ভো কৰে হাজাৰ বিজাৰ বৰল ওলাই ভোদাৰামক কামুৰিবলৈ ধৰিলে। মাকে দেখিলে সৰ্ব্বনাশ! ভোদাৰামে ফল বুলি ভাবি বৰলৰ বাহ ভাঙি আনিছে। শেহত জানিবা বহুত কষ্টেৰে বৰলৰ হাতৰ পৰা সাৰিল।

 ভোদাৰামৰ মনত বৰ দুখ যে সদায় সকলো মানুহে তাৰ বুদ্ধিৰ দোষ ধৰে। এদিন কিবা এটা কাৰণত পিতাকে ভোদাৰামক বৰ কোবালে। ভোদাৰামে মনৰ বেজাৰত ঘৰ এৰিলে আৰু স্থিৰ কৰিলে যে সি কেতিয়াও এই গাঁৱত নাথাকে। যি ঠাইত তাক সকলোৱে বিদ্ৰুপ কৰে, ঘৰৰ মানুহে কথায় কথায় মাৰে, এনেকুৱা ঠাইত কোন থাকে?

 যি ফালেই তাৰ ভৰি দুটা যায় সি সেই ফালেই গৈ আছে। যেতিয়ালৈকে সি গাঁৱৰ ভিতৰত আছিল, তেতিয়ালৈকে লৰাবোৰে তাক পিছে পিছে হাঁহি-খিকিন্দালি কৰি খেদি গৈছিল। সিহঁতক কোনো কথা নকৈ একমনে গৈ আছে।

 গধূলি সময়ত এটা সৰু পৰ্বত পালেগৈ। ভাগৰত তত নাপাই সি তাৰে এটা শিলৰ ওপৰত বহি জিৰাইছে, এনেতে সি শুনিবলৈ। পালে— কৰবাত যেন দুটা কেঁচুৱাই কান্দিছে!

 এই নিৰ্জন পৰ্বতত লৰাৰ কান্দোন ক’ৰ পৰা ওলাল। বিচাৰি গৈ গৈ ভোদাৰামে দেখা পালে যে সেই পৰ্বতৰ গুহাত দুটা কেঁচুৱা লৰা পৰি আছে।

 ভোদাৰাম সঁচাকৈয়ে ভোলা হলেও তাৰ মনটো আছিল বৰ কোমল। সি লৰা দুটাক কোলাত লৈ মানুহৰ ঘৰৰ ফালে যাবলৈ ধৰিলে।

 পৰ্বতটোৰ সিপাৰে এজন ৰজাৰ ৰাজ্য৷ ৰাজ্যত মহা হুলস্থুল। ৰজাৰ যঁজা লৰা দুটাক ধায়ে তেল-কুৰ ঘঁহি ৰদত থৈছিল, এনেতে দুটা বান্দৰে লৰা দুটাক লৈ পলাল। আৰু কোনেও বিচাৰি পোৱা নাই৷

 গোটেই ৰাজ্যৰ মানুহে বিচাৰিছে। ৰজাই নগৰত ঢোল পিটি