পৃষ্ঠা:Bilati Pitha.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
 

মৰিলো বুলি কৈ এশ সোণৰ মোহৰ নিলে। তাৰ পাছত মই মহাৰাজৰ ওচৰলৈ আহি নুজহাট মৰিল বুলি এশ সোণৰ মোহৰ নিলো। গতিকে মহাৰাজ মই যে আগতে মৰিছিলো, ই নিশ্চয়। গতিকে মহাৰাজে নিজে ঘোষণা কৰা এহেজাৰ সোণৰ মোহৰ মই পাব লাগে।”

 হাছানৰ মুখৰ পৰা এই কাহিনী শুনি ৰজা-ৰাণী আৰু উপস্থিত সকলো মানুহৰ হাঁহিত পেটু নাড়ি ছিগা যেন হল। সকলোৱে হাছানৰ সেই ধেমালিত বৰ আমোদ উপভোগ কৰিলে। ৰজাই নিজে ঘোষণা কৰা অনুসাৰে হাছানক ৰংমনে এহেজাৰ সোণৰ মোহৰ দিলে আৰু গোটেই ধেমালিটো বুজি ৰাণীয়েও নুজহাটক এহেজাৰ সোণৰ মোহৰ দিলে। তেতিয়াৰে পৰা ধন-সোণৰ বাবে কোনো আলৈ-আহুকাল নোহোৱাকৈ হাছান-নুজহাট দুয়ো দিন নিয়াবলৈ ধৰিলে। ৰজা হাৰুণ- আল্-ৰছিদ্ আৰু ৰাণী জুবেদায়ো এওঁলোকক লৈ নানা ৰং-ধেমালিত কাল কটালে। ০০