পৃষ্ঠা:Assam Buranji.djvu/৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৯৫ কৰি লই; কোনােএ তাতে কাঠৰ চলিয়া পাটকে লই ; এবং আঠুআ লব নেপাই, খৰম পাইজাৰ ইয়াকো লব নেপাই, বুলনি ঢৰাহে লই; চৰিয়া পিক পেলােআ ইয়াকো ধাতুৰ লব নেপাই, কাঠৰহে লব পাই; বেৰা কঁহি মাই- হাম ইয়াত বেৱহাৰ কৰিব নেপাই, কঁহৰ বান বা কঁহি ইয়াত বেৱহাৰ কৰে। এবং ডৰিকা দুআৰৰ বাজ খনৰ বুজ বিচাৰৰ কর্তা বৰ বৰুআ, এই কাৰন বৰ বৰুআৰ নিত পৰ; ঐ দুআৰৰ ভিতৰ খনিৰ বুজ বিচাৰৰ কর্তা ঢেকিয়াল বৰুআ, এওৰৰ নিত পৰ। আৰু চৰাতে বৰ বৰুআ জিটো খুঁটাতে বহে, সেইটো খুটাৰ দখিন ফালে নাওবৈচা ফুকন বহে; ইয়াৰ দখিনটো খুঁটাতে উতৰ ফালে ডেকা ফুকন, দখিন ফালে দিহিঙ্গিয়া ফুকন বহে; পচিম ফালে ঐ বৰ বৰুৱা বহাৰ খুটাটৰ পচিমটো খুটাতে ন ফুকন বহে। এইটো খুটাৰ উতৰৰটো খুটাতে ভিতৰুআল ফুকন বহে; ন ফুকন বহাটৰ দখিনটো খুটাতে নেওগ ফুকন বহে; কিন্তু বৰ খুটাতকৈ ভিতৰ ফাললৈ আগ বাহি সােমাই বৰ বৰুআদি কোনাে বহিব নেপাই, ঐ বৰ খুটাকে সিমা কৰি ফকামৰ কোঠাত পথলিয়াকৈ মেলা কঠতহে বহে। আৰু দখিন টুপৰ পুৰ ফালে টুপৰ জোৰাৰ খুটাৰ দখিন পুব কোনতে চাঈঙ্গ ফুকন বহে ; এওৰে দখিনেই নিয়াই সােধা ফকন বহে। এই টুপৰ জোৰাৰ খুটা ও তাৰে