পৃষ্ঠা:Assam Buranji.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৬

ফকামৰ খুঁটা এই দুইৰ মাজতে থিয়কৈ এটিয়া কঠ মেলি ফকামৰ কোঠাতে বচা ও নিবুকিয়াল দুই ৰাজখোআ বহে। জেতিয়া গুআহাটিৰ ফুকন ৰাজখোআ সকল আহে, তেতিয়া চৰাৰ দখিন টুপৰ ঘঁৰিয়াল ধৰা খুঁটাৰ দখিন টুপতে থিয়কৈ কঠ একোটা পাৰি ৰাজখােআ সকল বহে। পানি ফুকন আদি ফুকন সকল মৰ্জদাৰ আগ পাচ ক্রমে উজনিয়া ফুকন সকলৰ মাজে মাজে বহে। দবঙ্গি ৰজা ও বানি ৰজা আহিলে, দাঁতিয়লিয়া গোঁহাই তিনি জনা বহা দখিন টুপৰ জোৰাৰ চতিৰ পুবৰটো খুঁটাতে বহে। আৰু নিতে চৰাত বৰ বৰুআ বহাত বৰ বৰুআৰ সমুখৰ উতৰ ফালৰ খুঁটাটৰ দখিনে ভিতৰ সােমাই ফকামৰ কোঠাত ডাঙ্গৰিয়া সকলব এবং চাৰি সত্ৰি- য়াৰ খাটনিয়াৰ ও সভা পণ্ডিত দুই এক জন বহি, কথা বার্তা জনাই। এই সকলৰ পুব ফালে সেই কোঠাতে বৰাহঁতে খলাৰ পৰা আগ কৰা কথাকে মুখ দি সুধি বুজাব কাৰন বৰ কটকি এটা বহে। এইটো খুঁটাৰ ওচৰকৈ পিৰালিতে মােটোকোআ চালতে বৰা কাকতিটো বহে। পচিম ফালে ভিতৰুআল ফুকন বহাৰে পৰা দখিনলৈ ফকামৰ কোঠাৰ মাজে মাজে কটকি দলৈ কাকতিহঁত বহে। ইতি বুৰঞ্জি সাৰে সষ্ট খণ্ডং।

⸻⸻