পৃষ্ঠা:Assam Buranji.djvu/৯৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪

ভাটিৰ ফালে তিনি জনা ডাঙ্গৰিয়াৰ হাতি মুৰিয়াহঁত বহে। ইতি।

 সততে সৰ্গদেও থকা নগৰব বৰ চৰাটো বৰ বৰুআ আদি চৰাৰ ফুকন জনেক দুজন নবহি, উদঙ্গে থব নেপাই। জদি সৰ্গদেও অন্য নগৰ বা বাহৰলৈ জাই, তেতিয়া নগৰ জদিবা উদঙ্গেই, তেও চৰা উদঙ্গে নেথাকে ; নিয়াই সােধা ফুকনেই সততে সেই চৰাত বহে ; আৰু সেই নগৰলৈ ৰজা দেও নাহে মানে সেই ফুকনেই বৰ বৰুৱাৰ এক্তিয়াৰি কৰম খনি চলাই। এই হেতুকে নিতে বৰ চৰাত বহাৰ ক্ৰম লেখা জাই। বৰ পাত্ৰ ডাঙ্গৰিয়া বহাটো খুটাতে সদাই বৰ বৰুআ বহে; কিন্তু ৰোজ ৰোজ দুপৰ মাৰিলেই বৰ বৰুআ চৰাত বহে ; দুপৰ চাৰি ডণ্ড মাৰিলেই পানি চোআলৈ গৈ জিৰাই, তিনি পৰ মাৰিলেই আকও চৰাত বহেহি ; গধুলি ৪ চাৰি ভণ্ড মাৰিলেই উঠি জাই। মেলৰ নেওগ বৰা ইত্যাদিএ বৰ বৰুৱা বহাৰ পােনেই খলাত দুসাৰি হৈ আঠুলৈ বহি কথা জোগাই। আৰু বৰ বৰুআ নিতে পৰত পানি চোআতে থাকি, ৰাতি পুআ চাৰি ডঁৰিয়াত বাজ ঘৰলৈ গৈ খাই বৈ দুপৰত নগৰ সােমাইহি চৰাৰ ফুকন সকলে হলে থকুৰা দিয়া ঢৰাৰে চাৰিও ফালে ঢাকি চৰাতে পৰ দিএ; ৰাজ খােআৰো এই ক্রম। আৰু নগৰৰ ভিতৰৰ পালি ঘৰত সােআ চাঙ্গ বা পিৰা কোনেও লব নে পাই, মাটিৰ ভেঁটি