পৃষ্ঠা:Assam Buranji.djvu/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৩

ফকামৰ খুটাৰে পৰা উতবলৈ লানি হৈ, ঐ বৰ বৰুআৰ সমুখে খেৰ বিচনি লােআ চমুআ ফুকন সকল বহে। ঐ সকলৰ লানিতে পাচত বৰ ভণ্ডাৰ বৰুআ তিনি জন বহে। এই সকলৰ পােনেই উজনি ফালে ফকামৰ কোঠাত মেল খােআ গােহাঁই দেও সকল বহে ; এঁওবােৰক মাজতকৈ লৈ দুয়াে কাসে চমুআ পাঁচনি হঁত এই কোঠাতে বহে। এই উতৰ কোঠাৰ উতৰ কোঠাতে পচিম ফালে সৰ্গদেৱৰ দোলা থই। পুব ফালে গন্ধিয়া, ও মলিয়া ভৰালি, পেৰাভাৰি, এই সকলে নিজ কৰম কৰে। এই ফালৰ সভা পাঁচনি বৰা কুকুৰাচোআ বৰুআই নিৰোপন কৰে ; খলাৰ সভাৰ নিৰোপন হলে ঢেকি- য়াল ফুকন বা বৰুআ, দোলাকাসৰিয়া বৰুআ, চাউডাঙ্গৰ বৰুআ, এই সকলে কৰে। কিন্তু ঢেকিয়াল বৰুআ বা ফুক- নেহে চৰাত বহিব পাবে ; দোলাকাসৰিয়া বৰুআ, চাউ- ডাঙ্গৰ বৰুআ খলাতেহে বহিব পাই। অৰু সৰ্গদেও বহা কোঠাৰ পুব ফালৰ ফকামৰ কোঠাত তামুলি দাৰে, বৰ তামুলি দাৰে বৰ তামুলিহঁত বহে। এই কোঠাৰ দখিন ফকামৰ কোঠাত উতৰ ফালে হেঙ্গদান ধৰা, ও দখিন ফালে সভা পণ্ডিত, এই সকল বহে। ইয়াৰ দখিন ফকামৰ কোঠাত গনক জোতিসিয়া বহে, ইয়াৰ দখিন ফকামৰ কোঠাত কটকিহঁত বহে, ইয়াৰ দখিন ফকামৰ কোঠাত কাকতিহঁত বহে, আৰু দখিন টুপৰ উজনি ফালে খাওন্দহঁত বহে,