পৃষ্ঠা:Assam Buranji.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দিলে। পাচে সেই কাইচেঙ্গমুঙ্গৰ ঠেঙ্গেৰেই মঙ্গল চালে, এখন মঙ্গলত পালে, খুনলুঙ্গৰ ফালে খোজ কৰ্হা হল, লোকৰ ফালে আগ বৰ্হোআ হল। এখন মঙ্গলত পালে, খুনলুঙ্গৰ ফালে সেন হল, লোকৰ ফালে চৰাই হল। এখন মঙ্গলত পালে, খুনলুঙ্গৰ ফালে ৰজা হৈ বহি খোআ ও হাতিত উঠি ফুৰা ও লালিগিৰিৰে ঘৰ ভৰা হল।

 পাচে আটাইকে বস কৰিব পাৰিম হেন বুলি, খুনলুঙ্গে সেই মুংৰিমুংৰামতে নগৰ কৰিবলৈ দুই মন্ত্ৰিক আজ্ঞা কৰিলে। পাচে নগৰ হলত তাতে খুনলুঙ্গে আয়ুবৰ বাটবৰ কৰি প্ৰধান ৰজা ও ভায়েক খু্নলাই জুবৰাজ, এইক্ৰমে হৈএই খুনলায়ে সোনৰ গুন কৰাই আয়ুবৰ সিপাতে ৫ মেৰ মেৰাই, খুনলুঙ্গে নজনাকৈ থৈ ককায়েকেৰেই ৰাজ পদৰ আৰি কৰিলে বোলে, আয়ুবৰ সিপাত জদি তুমি দিয়া কিবা চিন আচে, তেহে তুমি মুলৰ ৰজা, নতুবা তুমি দুঅলিয়াহে। পাচে খুনলুঙ্গে ভায়েকত সংসই নকৰি ও মিচা কথা কব নোআৰি বোলে, মই গচৰ সিপাত একো চিন দিয়া নাই। পাচে খুনলায়ে বলে, খানি চক, মই সিপাতে তেতিয়াই সোনৰ গুনাৰে বন্ধাইচোঁ। পাচে খনালত সিপাতে সেই সোনৰ গুনা ওলালত খুনলায়ে বোলে, মইহে মুলৰ ৰজা, তুমি দুঅলিয়াহে। এনে বুলি ককায়েকক দ্ৰোহ কৰি ৰজা হবৰ ইচা কৰাত, চুৰকৈ চোম দেওক হাতত লৈ পলাই খুনলুঙ্গ গৈ ইন্দ্ৰত জনালেগৈ।