পৃষ্ঠা:Assam Buranji.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বুলি, বহু সাপ দি খুনলুঙ্গক বুলিলে বোলে, সি জে চলকৈ পাচে ইন্দ্ৰে চিৰকাল খুনলাই ৰজা হৈ থাকিবলৈ নেপাই তাত ৰজা হল, তই মুংখুমুংজাও দেসত ৰজা হগৈ। এনে বুলি পঠোআত চোম দেও সহিতে খুনলুঙ্গ আহি মুংখুংমুংজাওতে ৰজা হলহি। তাতে অনেক্‌টি সন্তান হল; ৪০ বচৰ ভোগ কৰি পুতেকহঁতক দেস বাঁটি দি পুনৰ স্বৰ্গলৈ গল। এঁওৰে প্ৰথম পুত্ৰ আইখুনলুঙ্গ নামক তেঁওকে চোম দেওক দি তাইতুংকং অৰ্থাত মুংকং দেসৰ ৰজা পাতিলে; ও খুনফা নামক পুত্ৰক ভাটি দেসৰ ৰজা পাতি বচৰি দহ লাখ দহ লাখ ঘোৰা সোধাই থাকিব দিলে; ওখুনঙ্গু নামক পুতেকক লামুংতাই অৰ্থাত জিউত্ৰা দেসৰ ৰজা পাতি বচৰি তিনি স তিনি স হাতি সোধাই থাকিব দিলে; ও খুনখকফা নামক পুতেকক জুনলুঙ্গ অৰ্থাত মুংজং দেসৰ ৰজা পাতি বচৰি এক লাখ সেৰ এক লাখ সেৰ সোন সোধাই থাকিব দিলে; ও খুনলা নামক পুতেকক মুংকুলা দেসৰ ৰজা পাতি দিহিঙ্গৰ পানি সোধাই থাকিব দিলে; ও খুন্তা নামক পুতেকক আবা অৰ্থাত মান দেসৰ ৰজাপাতি বচৰি দুসেৰ দুসেৰ বাখৰ সোধাই থাকিব দিলে; ও খুঞ্চু নামক পুতেকক নিজ ৰাজ্যৰ নিমিতে ৰাখিলে; ও পুৰ্ব কথা মতে লঙ্গোক খেহ দেসৰ ৰজা পাতিলে। পৰে খু্নলুঙ্গ চবগলৈ গলত পিত্ৰি ৰাজ্য মুংখু মুংজওতে খুঞ্চু ৰজা হৈ, ২৫ বচৰ ভোগ কৰি স্বৰ্গি হল। এঁওৰে পুত্ৰ চাউচেঞ্চাও ৰজা হল, ভোগ ১৯