পাহৰা হল। পাচে খুনলুঙ্গে কাইচেঙ্গামুঙ্গৰ অঙ্গপ্ৰত্যঙ্গৰ ঐ গুনবোৰ কৈ খেদ কৰি বোলে, এতিয়াও আনাগৈ। পাচে খুন্লায়ে বোলে, পাহৰি এৰি অহাত জগৰিয়া হৈচো, কেনেকৈ ওলামগৈ। এনেতে প্ৰিথিবিৰ লোক লঙ্গো নামে এক জনে এই সকল কথা সুনি থাকি বোলে, আজ্ঞা কৰিলে বন্দিএ জাব পাৰোঁ। পাচে খুন্লুঙ্গে আজ্ঞা কৰিলে; পুনৰলঙ্গোএ খেহ দেস খন খুজিলত দিম বুলিলে। পাচে লঙ্গো গৈ ইন্দ্ৰত জনালত বোলে, অঁ হেঙ্গদান ঢাক ইয়াকো এৰি গল, ইমানতে এনেকৈ পাহৰিব লাগিলে; আগলৈ বা আৰু কি হই? এনে বুলি খুন্লুঙ্গ খু্ন্লাইক বহু খঙ্গ কৰি ঐ তিনিওটা দ্ৰব্য লঙ্গোৰ হাতত দি পঠালে। পাচে লঙ্গো আহি সেই তিনিওটা দ্ৰব্য খুন্লুঙ্গৰ আগত দি জনালে বোলে, পাহৰি অহাত ইন্দ্ৰই বৰ খঙ্গ কৰিলে, আৰু কব দিচে বোলে, কাইচেঙ্গমুঙ্গক মাৰি তাৰ মঙ্গহ খনি খাব, ঠেঙ্গেৰে মঙ্গল চাব, পাখি পিন্ধিব, মুৰটো ও ডৌকা দুখন তই খাবি। আৰু সিহঁতে জে ইমানতে পাহৰি এৰি গল, এতেকে হেঙ্গদান খন তোক দিচোঁ; তই জে খেহ দেস খন খুজি আহিচ, সি বৰ দেস, তেহে তই সেই দেস বস কৰিব পাৰিবি। এনেকৈ জনোআত ইন্দ্ৰৰ আজ্ঞা বুলি পুৰ্ব আজ্ঞাৰ বিপৰ্য্যই বুজি ও তাকে সত্য মানি হেঙ্গদান খন লঙ্গোক দিলে; আৰু কাইচেঙ্গমুজকো মাৰি লঙ্গোক কোআ দৰে খালে ও তাকো
পৃষ্ঠা:Assam Buranji.djvu/৮
অৱয়ব