পৃষ্ঠা:Assam Buranji.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮১

ৰুপৰ চুলাৰে পানি জাপি, পহিঁচাঙ্গি, খেৰ, টুপি জাপি, পাখি বিচনি, দিঘল নলিয়া ঘুৰনিয়া বিচনি, ৰুপেৰে বেৰি দিয়া লাখুটি, চাল কঠ, এই সকল পাই; জদি খেৰ, বিচনি, টুপি নেপাই, তেতিয়া চোলাধৰা, খাৰঘৰিয়া, ঢেকিয়াল, এই তিনি পৰ্হিচাঙ্গি পাই ; নাওসলিয়া ফুকন, তামুলি ফুকন, দুয়ে ঢেকৰ দিয়া চাঙ্গিহে পাই। চিৰিঙ্গ ফুকন, কাথ বৰুআ, সুলপানি বৰুআ, এই তিনি সমান ; ৰুপৰ চুলাৰে পানি জাপি, পৰ্হিচাঙ্গি, ৰুপেৰে বেৰি বন্ধা লাখুটি, দিঘল নলিয়া ঘুৰনিয়া বিচনি পাই। জালভাৰি ফুকন, গন্ধিয়া বৰুআ, মজুমদাৰ বৰুআ, খনিকৰ বৰুআ, সেনচোআ বৰুআ, এই ৫ জনা সমান; ঢেকৰ দিয়া চাঙ্গি পাই। ৰজা জোআঁই সকল বিসই নেপাই থাকিলেও ৰুপৰ চুলা, পৰ্হিচাঙ্গি আদি বৰ ভণ্ডাৰ বৰুআ তুল্য মর্জদা পাই; আৰু চাৰিও কোস বানত সিয়া কঠ লই; আৰু তিনি জনা ডাঙ্গৰিয়াৰ লৰি গােহাঁইবােৰ হলে ৰুপৰ চুলা, ঢেকৰ দিয়া. চাঙ্গি পাই, বহু কঠ ঐ ৰকম বানত সিয়া। চাঙ্গমাই বৰুআ, তিপমিয়া ৰাজ থােআ, হাতি বৰুআ, কুকুৰাচোআ বৰুআ, এই পাঁচ জন সমান। দোলা কাসৰিয়া বৰুআ ২, চাওডাঙ্গ বৰুআ ২, জৰাধৰা বৰুআ, বেজ বৰুআ,এই চই জনা সমান। দুলিয়া বৰুআ ৩, দৰবধৰা বৰুআ,কাঠকটিয়া বৰুআ, মলিয়া বৰুৱা, ঘিও বৰুআ, পাখি মৰিয়া।

১১