পৃষ্ঠা:Assam Buranji.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮২

বৰুআ, এই ৮ জন সমান। গজ পুৰিয়া বৰুআ, সিলাকুটি বৰুআ, চৰাই মৰিয়া বৰুআ, ধেনু চোঁচা বৰুআ, জুতকিয়া বৰুআ, দুঅৰি বৰুআ, এই ৬ চই জন সমান। এই পর্জন্ত ভিতৰুআল। ৰাইডঙ্গিয়া ফুকন, পৰ্বতিয়া ফুকন, খঙ্গিয়া ফুকন, চাৰিঙ্গিয়া ফুকন, তিপমিয়া ফুকন, এই পাঁচ জন সমান; ঢেকৰ লগা চাঙ্গি পাই। ৰাইডঙ্গিয়া বৰুআ, পর্বতিয়া বৰুৱা, খঙ্গিয়া বৰুআ, চাৰিঙ্গিয়া বৰুআ, তিপমিয়া বৰুআ, এই ৫ জন সমান। নামৰুপিয়া বৰুআ, পুৰনি মেল বৰুআ, মাজু মেলৰ বৰুআ, সৰু মেল বৰুআ, মাহি মেলৰ বৰুআ, ন মেলৰ বৰুআ, গাভৰু মেলৰ বৰুআ, কলিচেঙ্গৰ বৰুআ, এনাই ঘৰিয়া বৰুলা, এই ৯ সমান। এই পর্জন্তে মেলডগিয়া। দেৱলিয়াৰ বৰুআহঁতক হলে সদৰত সেৱা চলােআহে বোলে। এই পর্জন্তে বিসয়াৰ তাৰ তম্য মৰ্জদা বুজিবৰ কাৰন নাম লিখা গল। ইতি।

 ডাঙ্গৰিয়া সকল ঘৰৰ পৰা ওলালে আগত ৰিলতিয়া গায়নে গাই জাই, ও কালিয়াই কালি মাৰি জাৰ পাই। ৰজা চুলিৰে খৰচি, চুলি লগা দাৰে লগত পালি ধৰি জাৰ পাই; হাতি ঘোৰাত বানত বানভ সিয়া জৰি, ভৰিত নপুৰ, ঘােৰাত উঠা হালধিয়া পাটৰ তলচা, হাতি উঠা কাপৰ, আগত দোলা চৈৰে আগুআ জাব পাই; গৰৰ চুকৰ কিছু ভিতৰ সোমালে গায়নে কালিয়াই গাৰ বজাব নেপাই; বাটত সৰ্গদেৱেৰে