পৃষ্ঠা:Assam Buranji.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮০

বৰুআ ও বৰ ফুকন দুয়াে সমান ; কিন্তু গুআহাটি দুৰ দেস কাৰন, তাত বৰ ফুকনৰ কিচু এক্তিয়াৰ বৰ্হা; আৰু দুয়াে জনাৰ পহিঁচাঙ্গি ও বানতেৰে আউঠি সিয়া বৰ জাপি, ৰুপৰ চুলাৰে পানি জাপি, কোনাে জনাক সােনৰ চুলাও দিএ ; ও খেৰ, পাখি বিচনি, টুপি জাপি, দিঘল নলিয়া ঘুৰনিয়াৰে আগ খৰা বিচনি, চাল কঠ বানতব মচুলা, ৰুপৰ বেৰি দিয়া লাখুটি। নাওবৈচা ফুকন, পানি ফুকন, ভিতৰুআল ফুকন, দুই ডেকা ফুকন, দুই দিহিঙ্গিয়া ফুকন, ন ফুকন, চেটিয়া ফুকন, এই ন জনাও সেই সমানেই; কিন্তু উকা বৰ জাপি। নেওগ ফুকন, নিয়াই সােধা ফুকন, চাঙ্গৰুঙ্গ ফুকন, এই তিনি সমান, ঐ ৯ জনাৰে নিচিনা। নিবুকিয়াল বাজ খােআ, বচা ৰাজ খোআ দুই সমান, লােহাৰ ঢেকৰ লগা চাঙ্গি মাত্র পাই। দিহিঙ্গিয়া ৰাজ খােআ ২, সলগুৰিয়া ৰাজ খােআ ২, অভইপুৰিয়া ৰাজ খােআ ৩, নামডঙ্গিয়া ৰাজ খােআ, দিখৌ মুখিয়া ৰাজ খোআ, গজপুৰিয়া ৰাজ খােআ, দৈয়াঙ্গিয়া ৰাজ খােআ ৩, ঘিলাধৰিয়া ৰাজ খোআ, এই ১৪ জনা একে সমান ; গুআহাটিত থাকিলে পহিঁচাঙ্গি পাই। দুই চেটিয়া পাত্র বৰুআ, দুই ঘৰফলিয়া বৰুআ, চাঙ্গৰুঙ্গৰ বৰুআ, এই ৮ জনা একে সমান। এই পর্জন্তে ৰাজুআ বিসয়া গল।

 চোলাধৰা ফুকন, খাৰঘৰিয়া ককন, ঢেকিয়াল ফুকন, নাওসলিয়া ফুকন, তামুলি ফুকন, এই ৫ জনা সমান;