পৃষ্ঠা:Assam Buranji.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭১

সােমালহি; কিন্তু মানে ৰাজত্ব নি দি জোগান দি ৰাখিলে। পৰে মিঙ্গি মহা তিলােআক ১৭৪৫ সঁকৰ আহিনত মিঙ্গি মহা- নান্দ ক্যাডেঙ্গ মগাউন আহি বদলি কৰিলেহি।।

 পাচে মানে কুম্পানিৰ সিমাত জোকালত, ঐ সঁকৰ চতত কুম্পানিৰ ফৌজে এই দেসৰ হাদিৰা চকিলৈ ক্রমে ক্রমে উজাই, গুআহাটি, দৰঙ্গ, নগাঁও, কলিয়াবৰ প্রভ্ৰিতি স্থান আক্রমন কৰি ধিৰে ধিৰে আহি, ইংৰেজি ১৮২৫ সনৰ ২ ফিব্রুয়াৰি ১৭৪৬ সঁকৰ ২১ মাঘত স্যাম ফুকনৰ এক বাবলৈ, ৰঙ্গপুৰ নগৰ ললেহি। তাৰে পৰা কতক মানক দেসলৈ জাৰলৈ এৰি দিলে ; সেইবােৰ দেসলৈ গল। দেসলৈ ন গৈ থকা স্যাম ও নেবাৰু দুই ফুকনক সিংহতৰ সেনা খনি সহিতে এজেণ্ট নবাব গবনৰ জানৰেল ডেবিড ইস্কাট সাহাবে ভটিয়াই দি পঠালে; এবং শ্রীশ্রীচন্দ্রকান্ত সিংহ সৰ্গদেও ও জোগেশ্বৰ সিংহ ৰজা দেও দুয়াে জনাক ভটিয়াই পঠালে। এই পর্জন্তে দেসত মানে অনেক দুর্গতি কৰিলে, ও ঠায়ে ঠায়ে নগাঁও প্রভ্ৰিতি বিস্তৰ লােকক মাৰিলে। পাচে শ্ৰীশ্রীচন্দ্রকান্ত সিংহ সৰ্গদেৱক কুম্পানি সৰকাৰৰ পৰা কিছু মুজুৰা দি প্ৰবৰ্তাই ৰাখিলে। জোগেশ্বৰ সিংহ ৰজা দেও ১৭৪৭ সঁকৰ কার্তিক মাহত ভাটি জোগিঘোপা স্থানে লােকা-ন্তৰলৈ গল।

 ১৭৪২ সঁকৰ ৩ চতৰ পৰা ১৭৪৬ সঁকৰ ২১ মাঘ পর্জন্তে