পৃষ্ঠা:Assam Buranji.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭২

মানৰ এই খনি দিনৰ ভিতৰত হােআ বৰ বিসয়া মটকৰ ঐ কলিবৰেই কএদৰ পৰা মুকলি হৈ, পুনৰ বুৰা গােহাঁই হল ; পৰে মানে মাৰিলত টেপৰলিয়াৰ ৰুপেস্বৰ ১,কলিসন ১, এই দুই ক্ৰমে একে ফৈদৰে বুৰা গোহাঁই হল ; ও পিজলি বৰ পাত্র হল, ও জাইৰৌ কলিয়াৰ ফৈদৰ ফোঁটালৰ পুতেক বৰ গােহাঁই হল ; খামৃতিৰ জাবৰ বৰ বৰুআ হল, তাৰ পৰে দুঅৰাৰ বদন চন্দ্ৰৰ পুত্ৰ পিয়ালি বৰ বৰুআ হল, তাৰ পৰে সন্দিকৈৰ বালি বৰ বৰুআ হল, তাৰ পৰে ভাটিৰ পৰা আহি ঐ ভদ্রচন্দ্ৰ বৰ বৰুআ হল ; লুখুৰাসনৰ বগাদমৰা বৰ ফুকন হল, এঁওকে ভাঙ্গি ঐ পিয়ালি বৰ ফুকন হল। জি হেতু ১৭৪২ সঁকৰ ৩ চতৰে পৰা স্বতন্ত্র ৰজা নাই কিয়া হল, এতেকে মানৰ দিন বােলা জাই; ৩ বচৰ, ১০ মাহ, ১৯ দিন। ইতি।

 পাচে দিখৌ মুখতে ঐ ইস্কাট সাহাবে ফৌজৰ কর্তা ৰিচাৰ্ড কর্নেল সাহাব সহিতে পৰামৰ্স কৰি প্ৰথমে ৮ ঘৰ কাকতিৰ হাতে এই দেসৰ জমা জমিৰ তাবত কাকত বুজি লৈ, দখিন পাৰে ধনসিৰি নদি, ও উতৰ পাৰে বিশ্বনাথৰ ভাটিৰ ভৰলি নদি, এই দুই নদিকে মধ্য সিমা ধৰি উজনি নামনি দুই খণ্ড কৰি, সদৰৰ আজ্ঞা মতে নামনি খণ্ডত ইস্কাট সাহাবেই কমিশ্যনৰ মহা মন্ত্রি চুনিয়ৰ খিতাপ লৈ অধিকাৰ হল ; উজনি খণ্ডত ৰিচার্ড কর্নেল সাহাব কমিস্যনৰ মহা মন্ত্ৰি জুনিয়ৰ খিতাপ লৈ অধিকাৰ হল। এই কাৰন নামনি