পৃষ্ঠা:Assam Buranji.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০

ৰিব নােআৰি গুআহাটিৰ পৰাও ভাগি গল। এই হেতুকে শ্রীশ্রীচন্দ্রকান্ত সিংহ সৰ্গদেৱৰ পুনৰ ৰাজ লােগ ২ বচৰ, ৮ দিন। ইতি।

 পাচে মিঙ্গি মহা তিলােআই সৰ্গদেৱত নিৰাসা হৈ, ঐ বগা কোঁঅৰৰ পুতেক জোগেস্বৰ সিংহক ১৭৪৩ সঁকৰ ১২ আঘোণত ৰাজ্য স্থিৰ হবৰ মনস্থেৰে লােক দৰ্সক ৰুপে ৰজা নাম দি, নিজে ৰাজত্ব কৰি আচিলে। পৰে হাদিৰা চকিৰ পৰা শ্রীশ্রীচন্দ্রকান্ত সিংহ সৰ্গদেও ফৌজ ধৰি লৈ গুআহাটি আক্র-মন কৰি, চিৰিঙ্গৰ ৰাধানাথক বৰ বৰুআ পাতি, ক্রমে ক্রমে উজাই ঠায়ে ঠায়ে মানেৰে ৰন কৰি জিনি. মহগৰৰ ঘাট পালেহি। মানৰ দেশৰ পৰা আৰু বহু ফৌজেৰে মিঙ্গি মহা বালা বৰ গোহাঁই পালেহি ; উভই দলৰে মহগৰতে ৰন হল। এই ৰনতে ঠাৱৰিব নােআৰি, ১৭৪৪ সঁকৰ জেঠত সৰ্গদেও ভাগি ভটিয়াই পৰদেস পালেগৈ। এখেত বৰ গোহাঁয়ে এই দেশৰ খাটি থকা ভাল মানুহ খনিত বাজে অপাইকান চমুআৰ ঘৰমুৰি ও পাইকানৰ পােআমুৰি ৫ টকিয়াকৈ বৰঙ্গনি ধন তােলাই লৈ দেসলৈ গল। এই সঁকতে উতৰ পৰিয়াই মানেৰে ৰন পতাত, মানে ৰন জিকি বহু মানুহ মাৰিলে। আৰু এই সঁকতে শ্রীশ্রীচন্দ্রকান্ত সিংহ সৰ্গদেও বৰুআ ফুকন আটাইকে এৰি, অকলেই বঙ্গাল পাৰৰ পৰা স্ব ইচা ক্ৰমে মানৰ লগ লৈ আহি ৰঙ্গপুৰ নগৰ