পাতিলে ; ঐ নির্ভয়নাৰায়নক ধৰি আনি সর্গদেওৰ দ্রোহি বুলি মানে মাৰিলত, দিহিঙ্গিয়া ফৈদৰ গােবিন্দক বৰ গােহাঁই পাতিলে ; সন্দিকৈৰ ঐ ধনিক বৰ বৰুআ পাতি, সৰ্গদেৱৰ দ্রোহি বুলি মানে মাৰিলত, দুঅৰাৰ জুতকিয়া বৰুআক বৰ বৰুআ পাতিলে ; এওঁকে ভাঙ্গি খেৰেমিয়াল কচাৰিৰ পতালক বৰ বৰুআ পাতিলে ; দুঅৰাৰ বদন্-চন্দ্ৰৰ পুতেক জম্মিক বৰ ফুকন পাতিলে, এওঁক ভাঙ্গি বকতিয়ালৰ ভদ্রচন্দ্ৰক বৰ ফুকন পাতিলে, এওঁকো ভাঙ্গি লানমাখ্ৰৰ লম্বােদৰক বৰ ফুকন পাতিলে। পাচে ঐ বৰ বৰুআই দিঘলি ঘাটত জইপুৰ নামে এক কিলা কৰি, মানেৰে জুধ কৰা মনস্থেৰে থকাত মান ৰজাই সৰ্গদেৱলৈ বহুত ৰাজ জোগ্য অলঙ্কাৰ দি, সজাতি ফুকনে সহিতে মিঙ্গি মহাতিলােআ বজুক পঠোআত, সিহঁত আহি বৰ বৰুআৰ ঐ প্রাৰম্ভ দেখি, চলকৈ ধৰি বৰ বৰুআক মাৰিলে। এই বার্তা সর্গদেৱে সুনি বৰ বৰুআক মৰাত অমিল ৰুপে মান অহা জেন বুজি, বুৰা গােঁহাইক ৰনলৈ আজ্ঞা কৰি ঐ ভদ্রচন্দ্ৰক বৰ বৰুআ পাতি, ১৭৪২ সঁকৰ ২ চতত সৰ্গদেও গুআহাটিলৈ গৈ, বৰ গােঁহাই পৰিয়া মিৰি সন্দিকৈৰ ধনঞ্জয়ক বৰ গােহাঁই পাতিলে; ও ধনি বৰ পাত্ৰ মৰিলত খৰাসলক বৰ পাত্ৰ পাতিলে। উজনিত মানে ঐ বুৰা গােঁহাইক ৰন জিকি ধৰি কএদ কৰি থৈ, মিল ৰুপে সৰ্গদেৱলৈ কটকি পঠালে; নহাত ৰন হল ; ৰনত ঠাৱ-
পৃষ্ঠা:Assam Buranji.djvu/৭৩
অৱয়ব