৬৫
ডাঙ্গৰিয়াই বুজ পাই, ১৭৩৬ সঁকৰ আসাৰ মাহত ঐ ফুকন প্ৰভ্ৰিতি সেই পৰামৰ্সি লোক সকলক ধৰি বৰ চৰাতে তিনিও জনা ডাঙ্গৰিয়া বৰ বৰুয়া সহিতে ফুকন সকলে বহি সোধ পাতি, দণ্ড বন্ধ কৰিলে। পৰে ১৭৩৭ সঁকৰ আহিন মাহত গুআহাটিৰ পৰা ঐ বদনচন্দ্ৰ বৰফুকন বুৰা গোহাঁই ডাজৰিয়াত ভয়েৰে পলাই, বঙ্গাল দেসলৈ গল; তেঁওৰ মুৰে দিহিঙ্গিয়াৰ ঘনশ্যাম ন ফুকন বৰ ফুকন হল। পৰে ১৭৩৮ সঁকৰ কাৰ্তিক মাহে দুৰ্গেবৰ বৰ পাত্ৰ ডাঙ্গৰিয়াও পলাই ভটিয়াই গৈ ম্ৰিত্যু হল। বৰ ফুকনে ভাটিৰে পৰা মানৰ দেসলৈ গৈ মানৰ ফৌজ সহিতে উজনিএ ওলালহি। কিচু দিনৰ পুৰ্বৰে পৰা ডাঙ্গৰিয়াৰ নৰিয়া দেখি নিজে ৰনলৈ জাব নোআৰি, এই মানৰ ৰনলৈকে ফৌজ পঠায়েই ১৭৩৮ সঁকৰ চতত ডাঙ্গৰিয়া ম্ৰিত্যু হল। পাচে সৰ্গদেৱে ডাঙ্গৰিয়াৰ বৰ পুতেক ৰুচিনাখক ৰাজমন্ত্ৰি বাবে সহিতে বুৰা গোহাঁই পাতি দিন চাৰেক মান থকাতে, বৰ ফুকনে চলেৰে আমাৰ ফালৰ ফৌজ খনি ধৰি লৈ আহি জোৰহাট পাবহি লগা হলত, ৰুচিনাথ ডাঙ্গৰিয়াই সৰ্গদেৱে সহিতে গুহাটিলৈ জাবলৈ জনোআত ন গল দেখি, সৰ্গদেৱৰ মনস্থ মতে বৰ ফুকুনে আমাৰ ঘৰলৈছে মান জানিচেগৈ হেন বুজি, সৰ্গদেৱক নগৰতে এৰি ডাঙ্গৰিয়া সপৰিবৰে ভটিয়াই গুআহাটিলৈ গল। পাচে মানে সহিতে
বৰ ফুকন আহি সৰ্গদেৱক সাখ্যাত কৰি, ডাঙ্গৰিয়াৰ ঘৰ লুৰি
৯