সমললৈ যাওক

পৃষ্ঠা:Assam Buranji.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬৪

কৰিলে, ও চাত্ৰাকাৰত দেৱালই কৰিলে। আৰু সৰ্গদেৱে জোৰহাটতে ন বাহৰ কৰিলে, ও ভোগদৈ নৈ খনালে; হাতিখোক বান্ধি কিছু হাতি ধৰালে; এবং ন আলি, ও ৰজাবাহৰৰ অলি, মহে বন্ধা আলি, কমাৰে বন্ধা আলি, চুচন্দে বন্ধা আলি, এই কেইটা আলি বন্ধালে। আৰু গৌৰিনাথ সিংহ সৰ্গদেৱৰ পৰ্বতিয়া আই কুঁঅৰি দেৱে চেউনি আলিৰ ওচৰতে এক পুখুৰি কৰালে। পাচে বসন্ত পিৰা হৈ ১৭৩২ সঁকৰ ৫ মাঘ ক্ৰিষ্ণা সপ্তমিত সৰ্গদেও স্বৰ্গি হল; ভোগ ১৫ বচৰ, ৫ মাহ, ১৩ দিন। ইতি। ৩৬।

 এঁওৰ মৰনান্তে এওৰে ভায়েক চাৰিঙ্গিয়া ৰজা দেৱেই ১৭৩২ সঁকৰ ৬ মাঘৰ পৰা ৰজা হল। সিঙ্গৰি ঘৰ উঠিবলৈ নহল দেখি অহম মতে নাম নহল; হিন্দু মতেই শ্ৰীশ্ৰী চন্দ্ৰকান্ত সিংহ নাম হল। এঁওৰে ৰাজমাঁও দেৱে ন বাহৰতে পুখুৰি খনাই উচৰ্গি, বিষ্ণুসাগৰ নাম দিলে; এবং হাতি গৰৰ ওচৰতে বুৰা গোহাঁই ডাঙ্গৰিয়াও এক পুখুৰি খনালে। এই জনা সৰ্গদেৱৰ দিনতে প্ৰতাপ বলভ বৰ ফুকন মৰিলত দুঅৰাৰ বদনচন্দ্ৰই বৰ ফুকন হল। পাচে কুকুৰা চোআ বৰা ভুতৰ পুতেক সতৰাম সৰ্গদেৱৰ প্ৰধান বলত হৈ চাৰিঙ্গিয়া ফুকন হল। দৈচুঙ্গিয়া বামুন জগধৰ চাৰিঙ্গিয়া বৰুয়া প্ৰভ্ৰিতি কিছু লোক ঐ ফুকনে সহিতে এক পৰামৰ্সি হৈ ৰাজ মন্ত্ৰি পুৰ্নানন্দ বু গোহাঁই ডাঙ্গৰিয়াক নষ্ট কৰিব খোজাত, এই কথা