পৃষ্ঠা:Assam Buranji.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিদেসিএ মিলাই পল্টন খাৰা কৰে, ও বুৰা গোহাঁই পৰিয়া চন্দ্ৰা গোহাঁইক পল্টনৰ কাপ্তান পাতে। পাচে ১৭১৮ সঁকত উজনিত থাম্‌তি ৰন ওলালত ফৌজ গৈ ৰন জিকি, খাম্‌তিৰ বুৰা ৰজাক কিচু খাম্‌তি সহিতে ধৰি আনিলে। পৰ বচৰত শ্ৰী শ্ৰী চন্দ্ৰকান্ত দেৱতা জন্মে। পাচে ১৭২১ সঁকৰ আহিনৰ সুকুলা পঞ্চমিত চাৰিঙ্গিয়া ৰজা দেও লোকান্তৰ গমন কৰে, শ্ৰীশ্ৰী চন্দ্ৰকান্ত দেৱতাই চাৰিঙ্গিয়া ৰজা হল। ১৭২৪ সঁকত কচাৰি ৰন হল; এই বনতে অনেকটি চিপাহি ও বন্দুক লোক্‌চান হল; তথাপি এই ৰনত সৰ্গদেৱৰ জই হল। আৰু ঐ সঁকৰ পুহ মাহে ৰজা ডাঙ্গৰিয়া দুইকো ধৰা মৰা মনস্থেৰে মন্ত্ৰনা কৰা পানিমুআ প্ৰভ্ৰিতি, বহু লোকক ধৰি মাৰে। পাচে ঐ ৰনত চিপাহি সৰঞ্জাম লোক্‌চান হলত, তাকে আনিবৰ নিমিতে ১৭২৫ সঁকত কাকতিয়াৰ বলোৰাম খঙ্গিয়া ফুকনক উকিলকৈ চলিহাৰ ভুধৰ চাঙ্গকাকতি ও গোবিন্দৰাম সৰ্ম্মা খাওন্দ ও তনুশ্যাম খাও ও মধুসৰ্ম্মা কমলা বৰিয়া দোলা কাসৰিয়া বৰা, এই সকলক লগত দি সহৰ কলিকাতাৰ শ্ৰীশ্ৰীজুত গবনৰ সাহাবৰ হজুৰলৈ পত্ৰ সন্দেস সহিতে পঠাই, বন্দুক, বাৰুজ, গোলা ও চিপাহি, ইয়াকে অনালে। এই আপাহতে খঙ্গিয়া ফুকনক পল্টনৰ দুতিয় কাপ্তান পাতিলে। আৰু কলিয়া ভোমোৰা বৰ ফুকনে সৰ্গদেৱৰ আজ্ঞানুসাৰে গুআহাটিৰ কামাখ্যাত তামৰ ঘৰ