পৃষ্ঠা:Assam Buranji.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬২

ৰুপে প্ৰনালি মতে বৰ বৰুআই কলেই, ডাঙ্গৰিয়া সকলে সেৱা কৰি ৰজা পাতে। কিন্তু এই গৌৰিনাথ সিংহ সৰ্গদেও স্বৰ্গি হবৰ দিনাই লাহনৰ ঐ বাচকটিয়া বৰ বৰুআক ধৰি দণ্ড কৰিলে। এই হেতুকে বৰ বৰুআ নাইকিয়া হলত বৰ বৰুআ কৰ্তব্য খনি কৰম ৰজা পতা কালত কাকতিয়াৰ সিৱনাথ তামুলি ফুকনৰ দ্বাৰা কৰালে। পাচে ৰজা দেও সিঙ্গৰি ঘৰ উঠিবলৈ নহল দেখি, অহম মতে নাম নহল; হিন্দুমতে কমলেশ্বৰ সিংহ নাম হল; বাপেক জনা চাৰিঙ্গিয়া ৰজা হল। ঐ ১৭১৭ সঁকৰ ২৩ সাওনৰ পৰা এই জনা ৰজা দেৱৰ ভোগ লিখা জাই। আৰু এই জনাৰ দিনতে অনিক ভাঙ্গি কেন্দুগুৰিয়া ৰুদ্ৰেম্বৰৰ পুতেক দুৰ্গেশ্বৰ বৰ পাত্ৰ হল; নিৰ্ভয়নাৰায়নক ভাঙ্গি ঐ গঙ্গাৰাম বৰ গোহাঁই হল; এওকে ভাঙ্গি কপৌ মৰিয়া নৰহৰি বৰ গোহাঁই হল; সন্দিকৈৰ ভদৰি ১, দুঅৰাৰ শ্ৰীনাথ ১, এই দুই ক্ৰমে বৰ বৰুআ হল; সন্দিকৈৰে গেন্ধেলা ৰাজ খোআই কলিয়া ভোমোৰা দুতিয় নামে বৰ ফুকন হল; হৰদতাদি দুন্দিয়া মাৰি কামৰুপ চাফ কৰাত সৰ্গদেৱে দিয়া ত্ৰিতিয় নামে, এঁওকে প্ৰতাপবলভো বুলিচিলে। এই জনাৰ দিনতে পৰদেসি চিপাহি চাকৰ ৰাখি, দেসি চিপাহিও সিকাই তৈয়াৰ কৰে। পথৰ কলা বন্দুক কতক কিনি আনি, গুআহাটি জোৰহাট দুয়ো ঠাইত দেসিএ