পৃষ্ঠা:Assam Buranji.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৫৭

তাকে আজিলৈকে বৰ ভেঁটি বোলে। তাকে বান্ধিবলৈ সকলো সিস্য ভকত চপাতে আলচ কৰিলে বোলে, এতেক প্ৰজা হৈচে, অৱস্যে পুৰ্ব প্ৰতিকাৰ কৰিব পৰা হব, এই বুলি জোজা হৈ থাকিবলৈ বুলিলে। এই ভেঁটিৰ কাৰনে চপা প্ৰজা অসংখ্যক বুলি সুনি, সৰ্গদেৱে ভাবিলে, পুৰ্বে বৰ জনা ককাই সৰ্গদেৱে মোআমৰা মহন্তক অভিমান দি থৈচে; সেই মহন্তৰে সিস্য প্ৰজাৰ এই প্ৰভাও সুনিচোঁ, অৱস্যে দ্বেস কৰাৰ আগন্তুক আচে; কিন্তু এই মহন্তৰ জিমান প্ৰজা ও বিভুতি, দিহিঙ্গৰ সিলিখাতলিয়া মহন্তৰো সিমান বিভুতি; এতেকে দিহিঙ্গৰ মহন্তক ভিতৰুআল কৰি থোআ ভাল জেন বুজি, দিহিঙ্গৰ অধিকাৰি মহন্তক অনাই, সততে চাঙ্গলৈ অহাজোআকৈ সৰ্গদেৱক দেখা হৈ থাকিবলৈ অজ্ঞা কৰি লিগিৰা বাব দি ভিতৰুআল কৰিলে। ক্ৰমে দেৱৰগাঁৱৰ ন দলো তৈয়াৰ হল। এনেতে নৰিয়া পৰি দেৱৰগাঁও বাহৰতে ১৬১১ সঁকৰ ২০ জৌষ্ঠ ক্ৰিষ্ণা দসমিত সৰ্গদেও স্বৰ্গি হল; ভোগ ১৭ বচৰ, ৭ মাহ, ২১ দিন। ইতি। ৩৩।

 এঁওৰ মৰনান্তে এঁওৰ ভায়েক ১৬৯১ সঁকৰ ২১ জৌষ্ঠত ৰজা হল। পাচে সিঙ্গৰি ঘৰ উঠি চুন্যেউফা নাম ললে; হিন্দু মতে লক্ষ্মিসিংহ নাম ললে। এবং এই দেসি ৰমানন্দ আচাৰ্জ্যত সিস্য হৈ ক্ৰমে অনেক ব্ৰিতি বিধান দি, পহু মৰিয়া গোসাঁই নাম দিলে; এঁওৰ ঘৰৰে ন গোসাঁই নামো চলিল।