সমললৈ যাওক

পৃষ্ঠা:Assam Buranji.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৫৬

খনত বিসম পালে পুৰি পেলালে। আৰু ১৬৮৫ সঁকত বকতিয়াল বৰ বৰুআক আধা কটা কৰিলত, সেই মানুহ ধৰি দিহিঙ্গিয়া ঢেকিয়াল বৰুআ প্ৰভ্ৰিতিক দণ্ড বন্ধ কৰি, সৰ্গ দেৱলৈ জনাই, লগত ফুৰিবলৈ টাঙ্গন ধৰা ললে; ও গৰ ভিতৰতে ওপৰত ধৰিবলৈ বৰ জাপি ললে; এবং পানিচোআত টুপৰ দৰে চৈৰে ঢেকেৰি চালি ললে।

 আৰু সৰ্গদেৱে গুআহাটিৰ বসিষ্ঠাস্ৰমত দল কৰালে, ও মনিকৰ্নেস্বৰ চিত্ৰাচল, এই সকলতো দল কৰালে। পৰে সৰ্গদেও ৺ কামাখ্যা সেৱা কৰিবলৈ গুআহাটিলৈ গৈ, বঠাখনাত বাহৰ কৰিলে। এই জনা সৰ্গদেও প্ৰৰ্জন্তেহে পৰ্বতিয়া গোসাঁইৰ সিস্য অচিলে; এই জনাৰ দিনতে পৰ্বতিয়া গোসাঁইৰ বঙ্গহ নাতি গোসাঁই বুলি, এঘৰ বিতি বিধানে সহিতে প্ৰিথক হৈ পাণ্ডুনাথত ঘৰ লই, আৰু ক্ৰমে সৰ্গদেৱৰো পো নাতি পৰিয়াল অনেক হল।

 পাচে গুআহাটিৰ পৰা আহি, দেৱৰগাঁৱৰ পুৰনি দল আদি কিচু গাঁও ব্ৰহ্মপ্ৰত্ৰে খহোআত নেঘেৰিটিঙ্গত ন দল কৰিবলৈ ধৰাত, মোআমৰা মহন্তে মালৌপথাৰৰ বৰ দ ঠাইকে বান্ধি লঁও বুলি, সকলো ভকতক আজ্ঞা কৰিলে বোলে, মানুহটে এচপৰাকৈ মাটি দি ভেঁটি এটি বান্ধক, আমি তাতে সত্ৰ কৰিম। পাচে সেই আজ্ঞা মতেই মাটি দি বান্ধিলত বৰ ভেঁটি হল। তাতে সত্ৰ কৰিলে,