পৃষ্ঠা:Assam Buranji.djvu/৬২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৫৮ পচে ঐ সঁকৰে আঘােত মােআমৰিয়াৰ নাহৰ খােৰা ও ৰাঘ মৰান দুয়েই মুখ্য হৈ আহি, পুর্বে খেদি থােআ বৰ জনা গগাহাঁইদেৱক আগত লৈ দেখাই, বিনা ৰনে নগৰ জিনি লৈ, খােৰাৰ পুতেক মাকান্ত ৰজা হল ; বাঘ বৰ বৰুআ হল। সৰ্গদেৱক জইসাগৰৰ বৰ দলতে কএদ কৰি থলে। ঐ কুঁঐগয়া ভগি বুৰা গােহই, ও ঐ মাদুৰিয়াল বৰ জনা বৰ গগাহাঁই, দুয়াে জনা ডাঙ্গৰিয়াক মাৰিলে ; বকতিয়ালৰ কির্তি চন্দ্ৰ বৰ বৰুঅকি সালত দিলে ; পুতেকহঁতক কাটিলে, আৰু সগদেৱৰ ৮ চুকিয়া মােহৰ দেখি আমাৰ ভেদ হব লাগে বুলি, ৯ চুকিয়াকৈ মােহৰ মাৰিলে। পাচে সৰ্গদেৱেৰে সকলাে আলচি ঐ সকবে চতৰ বিহুত বাঘ, ৰমাকান্ত, খােৰা সকলােকে মাৰি সৰ্গদেৱে নগৰ ললে। সেই আপাহতেই কুঁগয়াৰ ঘনশ্যাম বুৰা গোহাঁই হল, ও বাইলুঙ্গ বৰ গােহাঁই হল, এঁৱেই ৰাজমন্ত্রিও হল ; মন বৰ পাত্র হল, বকতিয়ালৰ ভদ্রসেন বৰ বৰুআ হল। এই ৰুপে সকল হৈএই মােআ- মৰা মহন্তক সপৰিবাৰে ধৰি আনি মাৰিলে ; মােআমৰিয়াও বহুত এই সময়তে মাৰিলে।। পাচে ক্রমে ঐ মৰানৰ পুতেক বৰ পাত্ৰ হল, এওৰ পাচত কেন্দুগুৰিয়া ৰুদ্ৰেশ্বৰ বৰ পাত্র হল ; ও ভদ্রসেনৰ পাচত সন্দিকৈৰ এদাবৰিয়া বৰ বৰুআ হল, ও দিহিঙ্গিয়াৰ কাসি ১, লাহন ১, এই দুই ক্রমে বৰ ফুকন হল। আৰু