৪৭
পৰ্জন্তে বঙ্গালক খেদি থলেগৈ; এই অৱধি অহমেৰে বঙ্গালৰ ৰন নহল। এই ৰনৰ পৰা উলটি আহি মানহাকে পুনৰ ধৰ কৰি ৰাখিলেহি। পাচে উমানন্দৰ দল কৰালে। এঁওৰে দুই পুতেক বৰ জনাক লাই বুলিচিলে, সৰু জনাক লেচাই বুলিচিলে। কাল ক্ৰমে ১৬১৭ সঁকৰ ১৩ ফাগুন ক্ৰিষ্ণা চতুৰ্থিত স্বৰ্গি হল; ভোগ ১৪ বচৰ, ১০ মাহ, ১৩ দিন। ইতি। ২৯।
এঁওৰ মৰনান্তে এঁওৰে প্ৰথম পুত্ৰ ঐ লাই গোহাঁই দেও ১৬১৭ সঁকৰ ১৪ ফাগুনত ৰজা হল। পাচে গদাধৰ সিংহ সৰ্গদেৱে চেউনি বচা আদিত পতা মহন্ত সকলক চপাই আনি, স্বস্বস্থানত পাতিলে। পৰে গৰগাঁও নগৰত সিঙ্গৰি ঘৰ উঠি চুখ্ৰুঙ্গফা নাম ললে, ও হিন্দু মতে ৰুদ্ৰ সিংহ নাম ললে। খাম্পিঙ্গ ফুকন ১, কুঁঐগঁয়া লাইচঙ্গ ১, দিলিহিয়ালৰ আফুআ- খাম্পাত ১, এই তিনিক ক্ৰমে বুৰা গোহাঁই পাতিলে; ও কেন্দুগুৰিয়া চেঙ্গকঙ্গক ৰাজমন্ত্ৰি বাবে সহিতে বৰ পাত্ৰ পাতিলে; ও লাইথেপেনা মৰিলত পুতেক কমলাকান্তক বৰ গোহাঁই পাতিলে; ও দিহিঙ্গিয়াৰ ঐ বুৰা ১, পাতৰৰ কোটা ১, দিহিঙ্গিয়াৰে ডেকা ১, সন্দিকৈৰ বৰাগি ১, এই চাৰিক ক্ৰমে বৰ বৰুআ পাতিলে। ঐ সন্দিকৈ বৰ ফুকনেই কত কাল আচিলে; এঁৱেই ঐ হিলৈ চৰাতে দুই মুৰে মগৰ লগাই বাবলৈ নাও বৈচা সিকাই, লাচ চাব লগাই সৰ্গদেৱক ৰঙ্গ