পৃষ্ঠা:Assam Buranji.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৮

দেখাই, মগৰি চৰা ও বহৰি সেন দুইৰো খেল উলিয়ালে। এঁওৰ পাচত দ্বঅৰাৰ বৰ জনা ১, পাতৰ ১, এই দুইক ক্ৰমে বৰ ফুকন পাতিলে। তেজিত গৰ বান্ধিলে, আৰু মেটেকাত ৰঙ্গপুৰ নগৰ, ও জই সাগৰৰ দল পুখুৰি, ও ৰঙ্গনাথৰ দল পুখুৰি, ও ফাকুআ দল, ও নামডাঙ্গৰ সিল সাকো, ও ডিমৌৰ দুই সিল সাকো, খৰিকটিয়া আলি, দুবৰিয়নি আলি, মেটেকাৰ আলি, এই সকল কৰিলে।

 পৰে নগাঁঞৰ মিচা মুখৰ বাহৰলৈ গৈ, জয়ন্তাৰ দেল আক্ৰমনৰ নিমিতে ফৌজ পঠোআত জয়ন্তাৰ ৰামসিংহ ৰজা ভই পাই স্ব ইচাতে আহিল, আৰু কচাৰিলৈ কটকি পঠাই তাম্ৰধ্বজ ৰজাক অনালে। পাচে সৰ্গদেও উজাই আহি এই দুই ৰজা সহিতে বিস্বনাথতে সম্ভাসা হল। পুৰ্বে জোআ ফৌজে জয়ন্তাৰ শ্ৰী্শ্ৰীজয়ন্তি দেবিক অনাত ৰামসিংহ ৰজাৰ দুই পুতেকে আপোন ফৌজ গোটাই লৈ জুয কৰি দেবিক ৰাখিলে; আমাৰ ফৌ্জো অনেক মাৰিলে। পৰে দুই ৰজাক লৈ সৰ্গদেও ৰঙ্গপুৰলৈ আহিল। জয়ন্তা ৰজা কিচু দিন থাকি ম্ৰিত্যু হল; কচাৰি ৰজাক ৰাজ জোগ্য বঁটা দি দেসলৈ পঠাই দিলে। ভায়েক লেচাই গোহাঁই দেৱক কুমন্ত্ৰিএ বিৰোধ জন্মাই ডণ্ড কৰোআত অকাৰন জানি, পয়ে নামৰুপিয়া ৰজা পাতি ৰাজ মৰ্জদা দি প্ৰধান ৰুপে নামৰুপত থলে; এই হেতুকে নামৰুপিয়া মেল খন প্ৰধান হল। আৰু ঐ বৰাগিৰ খেলতে খাও্ন্দ