পৃষ্ঠা:Assam Buranji.djvu/৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


হাৰি ১, চপা ১, এই দুই ক্রমে বৰ পাত্র হল ; এবং চাৰিঙ্গিয়া লাতাও আহােমৰ পেলন ১, লুখুৰাসনৰ ডেবে ১, এই দুই ক্রমে বৰ বৰুআ হল; ও লালুকসােলা বৰ ফুকন হল। পাচে ঐ ডেবেৰা বৰ বৰুআই ১৫৯৪ সঁকত বিস পান কৰাই ৰজা দেওক মাৰিলে ; ভােগ ২ বচৰ। ইতি। ২২। | এওৰ মৰনান্তে এওব পুতেকৃটিও বজা হব নােআৰিলে, ভায়েক চুনা ১৫৯৪ সঁকত বজা হল ; হিন্দু মতে এওকে ৰামৃধ্বজ বােলে। এঁৱেই বাৰুকিয়ালৰ ঐ লাগিচঙ্গক ভাঙ্গি, ডেবেৰা বৰ বৰুআৰ ভাগিনিএক চেঙ্গমুনক বৰ গােহাঁই পাতিলে। পাচে কাল জমে নৰিয়া পৰি ১৫৯৬ সঁকত ৰজা দেও স্বর্গি হল ; ভােগ ২ বচৰ। ইতি। ২৩। | এওৰ মৰনান্তে চামগুৰিয়া ফৈদ কেঁঅৰৰ চুহুঙ্গক আনি, ১৫৯৬ সঁকত ৰজা পাতি, এই সঁকতে ডেবেৰা বৰ বৰুআই বিস পান কৰাই ৰজা দেওক মৰালে ; ভােগ ১ মাহ, ১৫ দিন মাত্র। ইতি। ২৪। পৰে তুঙ্গভঙ্গিয়া ফৈদৰ গােব কোঅৰক আনি, ১৫৯৬ সঁকতে ৰজা বুলি লৈ, ঐ সকতে বাঁহগৰিয়া বুৰা গােহাঁই, সােলা বৰ ফুকন দুয়ে ডেবেৰা বৰ বৰুআকে সহিতে মাৰিলে। ভােগ ২০ দিন মাত্র। ইতি। ২৫। পাচে দিহিঙ্গিয়া ফৈদৰ চুজিফাক আনি, ১৫৯৬ সকত ৰজা পাতিলে। এঁৱেই বাঁহগৰিয়া বুৰা গােহঁাইৰ দ্বাৰা