পৃষ্ঠা:Assam Buranji.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪১

হল; ঘোৰা কোঁঅৰ বৰ ফুকন হল। পৰে ঐ লাচিতক বৰ ফুকন পাতিলত চেঙ্গবৰাৰ বেঙ্গখোআক ভাঙ্গি ঐ ঘোৰা কোঁঅৰক বৰ বৰুআ পাতিলে। আৰু বৰ গোহাঁই পৰিয়া পৰ্বতিয়া ফৈদৰ কচলুখোআক সলাল গোহাঁই পাতিলে। পুৰ্বে ঘোৰা ৰজা দেওৰ দিনতে জে লেচাইডাঙ্গ সলাল গোহাঁই হল, তাৰে পৰা এই বিসই লুপ্ত হৈ আচিলে। এঁওৰ দিনৰ পৰাহে পুনৰ প্ৰকাস হৈ প্ৰনালি ৰুপে চলিল। আৰু এঁও ৰজা দেৱেই ৰজা সহুৰ নাওবৈচা ফুকনক মাৰি, বাঁহগৰিয়াৰ ঐ আতন বুৰা গোহাঁইক ৰাজ মন্ত্ৰি পাতিলে। পচে বানকে- বিয়া নগাই গাঁও মাৰিলেহি; সেই নগাক ধৰি মাৰিলে। পৰে ১৫৯২ সকত ৰজা দেও স্বৰ্গি হল, ভোগ ৭ বচৰ। ইতি। ২১।

 এঁওৰ মৰনান্তে পুতেকটি ৰজা হব নোআৰিলে, ভায়েক চুন্যতফা ১৫১২ সঁকত ৰজা হৈ সিঙ্গৰি ঘৰ উঠি, হিন্দু মতে উদয়াদিত্য নাম ললে। এঁৱেই গুআহাটিৰ বাম গৰ ও পানি গৰ ইত্যাদি কৰি, অতি পৰিপাটি ৰুপে নিবন্ধ কৰে; আৰু পানি গৰৰ বামৰ পৰা কেই হাত, পানিত কেই হতিয়া সাল কাঠৰ খুটা খাই, ও অথাউনি পানিত বৰ বৰ ৰাইডাঙ্গৰ দুই মুৰ লোহাৰে বান্ধি, কল লগাই সিল বান্ধি, কি জোখেৰে কেনে গৰ কৰিব লাগে, ইয়াৰ কাকত পাতি অতি সুকৰ নিবন্ধ কৰিলে; ও উজনিত বৰাগি আলি কৰালে। আৰু