পৃষ্ঠা:Assam Buranji.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৩

চিতামনি গৰ বন্ধালে। গুঁইমেলাৰ লালুকক বৰ গোহাঁই পাতিলে; দুঅবাৰ কিবকিৰিয়াক বৰ বৰুআ পাতিলে। পাচে এই বুৰা গোহাঁয়েই মাৰিব খোজা জানি আপুনি সিলত মুৰ মাৰি, ১৫৯৯ সঁকত ৰজা দেও মৰিল; ভোগ ২ বচৰ, ৯ মাহ ২৫ দিন। ইতি। ২৬।

 এঁওৰ মৰনান্তে চুজিনফাৰ পুতেকটি ৰজা হব নোআৰিলে; পৰ্বতিয়া চুডৈফা ১৫৯১ সঁকত ৰজা হল। পৰ্বতৰ নগৰত সিঙ্গৰি ঘৰ উঠিল; আৰু ডঁৰিকাতো নগৰ কৰিলে; নাম হল বোকা নগৰ। এঁওৰ দিনতে সোলা বৰ ফুকন গুআহাটিত থাকি মধ্যে মধ্যে বঙ্গালেৰে ৰন হৈ, প্ৰজাবোৰ মৰি ঢুকাই; মিলিলেই ভাল বুলি, ১৬০১ সঁকত বঙ্গালৰ আজমত্ৰা নবাবেৰে মিলি, গুআহাটি এৰি দি হুহকি আহি, কলিয়াবৰকে ধৰ কৰি সকলোটি বলহি। তাৰে পৰা উজাই আহি এই বৰ ফুকনেই ১৬০১ সঁকত ৰজা দেওক পৰ্বতলৈ নি, বিস খুআই মাৰিলে। ভোগ ২ বচৰ। এই জনা ৰজা দেৱেই সোলা বৰ ফুকনে বাঁহগৰিয়াক মাৰিলত, দিলিহিয়ালৰ দিঘলক ৰাজমন্ত্ৰি বাবে সহিতে বুৰা গোহাঁই পাতিলে; লাচামকলাক বৰ পাত্ৰ পাতিলে; ঐ লালুকক ভাঙ্গি মেচা ঘৰিয়াৰ সেনক বৰ গোহাঁই পাতিলে। মেচা ১, লুখুৰাসনৰ চক্ৰপানি ১, এই দুইক ক্ৰমে বৰ বৰুআ পাতিলে। ইতি। ২৭।

 এঁওৰ মৰনান্তে চুডৈফাৰ দুই পুত্ৰ ৰজা নহল, চামগুৰিয়া