সমললৈ যাওক

পৃষ্ঠা:Assam Buranji.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪০

১৫৮৫ সঁকত ৰজা দেও স্বৰ্গি হল; ভোগ ৯ বচৰ। ইতি। ২০।

 পাচে পাত্ৰ মন্ত্ৰি সকলে চুতামলাৰ বই পুতেকক ৰজা নেপাতি, ১৫৮৫ সঁকত ঐ দেও ৰজাৰ নাতি চুপঙ্গমুঙ্গক ৰজা পাতিলে। এঁৱেই পেচাঙ্গ নৈৰ দখিনে সলখামৰা ঘাটব খাব ঘৰৰ বাৰিতে নগৰ কৰি, সিঙ্গৰি ঘৰ উঠিল। এই ঘৰতে হু্দু পৰাত এৰি গৈ গৰগাঁৱৰ নগৰত পাট ঘৰ উঠিল; এঁওৰে হিন্দু নাম চক্ৰধ্বজ সিংহ। বঙ্গালৰ চই দিয়াৰ কাৰন ৰাজ্যত পঁচা তুলি ৭ লাখ টকা নগৰতে গোলা ঘৰ কৰি ডাঙ্গৰিয়া সকলে সহিতে থলে; তাৰে পৰা গোলা ঘৰ হল। পৰে বাদসাহৰ ঠাইৰ পৰা সিৰপাও বঁটা অহাত অলপ অবমান কৰিলে; ও পুৰ্বে মিত্ৰ কৰি ৰাজ্য দি গল বুলি, চই নিদি উকিলক ফিৰাই পঠালে। পাচে ১৫৯১ সঁকত ৯ লাখ ফৌজেৰে ৰাজা ৰামসিংহক জুধলৈ পঠালে; সৰাই ঘাটতে প্ৰধান জুধ হল। পাচে মোমাই তামুলি বৰ বৰুআৰ পুত্ৰ লাচিত বৰ ফুকন হৈ গৈ, বঙ্গালৰ ৰন জিকি খেদি নি, মানহাত সিমা কৰি, হাদিৰাত ঐ সঁকতে চকি ঘাট নিবন্ধ কৰিলে। এঁও ফুকনেই জোগিৰঘোপাৰ ভাটিতে আসাম নগৰ কৰি, চল জেন নেদেখি এৰি আহিল। আৰু গুআহাটিৰ গৰ প্ৰাঞ্চি দোপদৰ কৰি সকলো বেৱস্থা কৰিলে। এঁও ৰজা দেওৰ দিনতে লাঙ্গি বৰ পাত্ৰ হল; এঁওকে ভাঙ্গি লাতাও বৰ পাত্ৰ