পৃষ্ঠা:Assam Buranji.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯

গুৰি আলি ও বাদুলি বৰ ফুকনৰ দ্বাৰা চেউনি আলি বন্ধালে।

 পাচে ৯ লাখ ফৌজেৰে ২২ উমৰাও সহিতে ১৫৭৭ সঁকত মজুমখা ও মিৰজামুলা দুই নবাব আহি দেস ললেহি। আমাৰ ৰজা দেও থাৱৰিব নোআৰি, নাম্‌ৰূপৰ চৰাইখোৰোঙ্গলৈ ভাগি গল; এই হেতুকে এওঁকে ভগনিয়া ৰজাও বুলিলে। পাচে বঙ্গালৰ ফৌজে ৰজা হাট বলক্তমত থানা পাতি ৰলগৈ। তাৰে পৰা মজুমখাই কৈ পঠালে বোলে, ৩ লাখ টকা ৯০ হাতি ইয়াকে চই দিএ জদি, দেস এৰি জাম; আৰু বাদ্‌সাহলৈ এক কন্যা দিয়ক। পাচে সৰ্গদেৱে ভাল বুলি বন্দি ১০০, বেঁটি ১০০, হাতি ৩০ টা, সোন দুই হাজাৰ, ৰুপ বাৰ হাজাৰ, এই খনি জৌতক দি সালঙ্ক্ৰিতাকৈ ৰমনি গাভৰুক আওৰেঙ্গজেব বাদ্‌সাহলৈ দিলে। দেস এৰি দি মিৰজামুলা ভটিয়াই গেল। সৰ্গদেও কিছু কাল ৰাজ্য ভোগ কৰি থাকি আগন্তুক ভাবি নাম্‌ৰূপত সোন ৰুপৰ ভৰাল কৰালে। এবং পুৰ্বে উজনি সিমা পাট্‌কাইৰ ওচৰত চুডাঙ্গফা ৰজা দেৱে কৰাই থোআ গৰ ও বাহৰকো পৰিস্কাৰ কৰাই, নিজেও তাৰে ই ফালে সি ফালে ঠাই চাই বাহৰ কৰাই, তালৈকো বৰ হিলৈ খাৰ প্ৰভ্ৰিতি জুধৰ সামগ্ৰি নিয়াই ৰাখি, চাবৰ নিমিতে নগৰলৈ আহি, খেদ কৰাত চকুৰ লো ওলাল; সেই চকুৰ লোএই ধাৰা বাহিক হৈ ৰোগ তুল্য হল। পাচে সেই ৰোগতে