পৃষ্ঠা:Assam Buranji.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৮

লোকে ভগা ৰজাক বিস ক্ৰিয়া কৰি মাৰিলে। এঁওৰ ভোগ ২ বচৰ। ইতি। ১৯।

 পাচে চুতামলা ৰজা হৈ ৰামুগাঁও ডঁৰিকা দলঙ্গৰ ওচৰত খাৰ ঘৰ বাৰিতে নগৰ কৰি, সিঙ্গৰি ঘৰ উঠিল। হিন্দু নাম জয়ধ্বজ সিংহলৈ, গালপুৰঘাটত গোবিন্দ ঠাকুৰক নি জজ্ঞ কৰি, বহু মাটি মানুহ উচৰ্গি, তামৰ ফলি কৰি দি নিৰঞ্জন বাপুত সৰন ললে। এই দিনৰে পৰা তামৰ ফলি চলিল। আৰু এঁওৰ দিনতে ঐ সুকুলা হুদু বুৰা গোহাঁইক মাৰিলত কুঁঐগাঁয়াৰ লেচাম, এঁওৰ পাচত বাঁহগৰিয়াৰ আতন,এই দুই জনা বুৰা গোহাঁই হল; ও লাই ১, চেৰেলিয়া ১, ভগা ১, এই তিনি জনা ক্ৰমে বৰ পাত্ৰ গোহাঁই হল; ও সৰু বুৰাক মাৰিলত এই জনা ৰজা দেৱবে সহুৰ নাওবৈচা ফুকন ৰাজমন্ত্ৰি হল। আৰু পিলিঙ্গাৰ লেচাই ১, বাৰুকিয়ালৰ লাঙ্গি চঙ্গ ১, এই দুই জনা বৰ গোহাঁই হল। ঐ সন্দিকৈৰ টঙ্গচুএ কিচু দিন থাকিল, পৰে চেঙ্গবৰাৰ বেঙ্গখোআ বৰ বৰুআ হল; গৰগঁয়া ৰজা দেৱৰ সহুৰেক ৰজা সহুৰ বৰ ফুকন হল। আৰু সৰ্গদেও বিস্বনাথলৈ গৈ অনেক বামুনক দান দখিনা কৰিলে। পাচে লাকমান গাই আমাৰ ৰজা দেৱেৰে ৰন পাতিলে; পৰে সেই ৰন আমাৰ জিকিলে। সদিয়াৰ মিৰিৰেও ৰন হল; তাকো আমাৰ জিকিলে। আৰু ভটিয়াপাৰৰ পুখুৰি খনালে; ও বুৰুঙ্গ পাতি কেৰিমেৰি গৰ ও মাচখোআ গৰ ও ভোমোৰা-