৩৭
দিলে ; তাৰে পৰা আৰোআনত গিলিপ হল ; ও সুকুলা পইজাৰো হল। ডাঙ্গৰিয়া সকলেও লবলৈ ধৰাত ৰজা দেৱে বােলে, ভেদ হলেহে ভাল ; তেঁও জদি লই মাজতে গামচা একো খনি লওক, এই আজ্ঞা কৰিলে। তাৰে পৰা ডাঙ্গৰিয়া সকলে আৰোআনৰ মাজত নালতে গামচা ললে ; এবং পইজাৰৰ ভিতৰতো সুকুলা কাপব ললে। পাচে চুঙ্গিৰ ৰাজ্য ভাঙ্গিবলৈ ডাঙ্গৰিয়া সকলক আজ্ঞা কৰিলে। চুঙ্গিৰ ঘঁৰিয়াল- পৰা ৰজাই সুনি ভই পাই আপুনি ১৫৭৫ সঁকত বৰিলহি। পাচে ভাঙ্গি আনি অভইপুৰত চুঙ্গিক পাতিলে। আৰু খাম্জঙ্গিয়া নৰাই আহি নাম্ৰুপৰ ভৰাল পুৰি আহিলা পাতি খনি নিলে। পাচে বনলৈ তিপাম ৰজাক দিলে ; ৰনত নৰা ভাগি গল। পুনৰ নকৈ ভৰাল কৰিলে, আৰু সকলাে দেও ঘৰত ১৫৭৬ সঁকত মানুহ দি নিবন্ধ কৰিলে, এবং মিচিমি গব বন্ধালে। আৰু ১৫৭৪ সঁকত সিঙ্গৰি ঘৰত কুনবিন্ কুনখা পাট ঘৰত পাগজেমা, ৰজা পতাত বচোআল টঙ্গালি, এই ৰুপে বঁটাৰ নিবন্ধ কৰিলে। পাচে ১৫৭৬ সঁকত এঁওৰে ৩ পুতেকৰ মধ্যে বৰ পুতেক চুতামলাই সুকুলা হুদু বুৰা গােহাঁইবে মন্ত্রনা কৰি ৰজা ভাঙ্গিলে। পাচে ভগা ৰজাই হােআ ৰজা পুতেকলৈ কৈ গল বােলে, এনে কথা কৰা পুৰনি পাত্র মন্ত্ৰি খনি ভাঙ্গি নকৈ জদি পাতি লই, তেহে ভালে থাকিব পাৰিব ; এই কথা হােআ জনাই সলাগিলে। পৰে মন্ত্রি