পৃষ্ঠা:Assam Buranji.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬

ফুকনক লৰা একোটা দে বুলি বন্দি কৰিলে। ডাঙ্গৰিয়া সকলে জনোআতো এৰিবলৈ নুবুলিলে। এনে আৰু অনিতি কৰিবলৈ ধৰিলে দেখি নসহি, ডাঙ্গৰিয়া সকলে এঁওৰে ভায়েক চুত্যিঙ্গক আনি ১৫৭৪ সঁকত চুৰমফাক ৰজা ভাঙ্গি, চুত্যিঙ্গফাক বৰ চৰাতে ৰজা পাতি সেৱা কৰি, ভগা জনাক নগৰৰ পৰা উলিয়াই পৰ্বতত বাহৰ কৰি, তাতে জোগান দি থলে। এই হেতুকে এঁওকে ভগা ৰজাও বোলে। পাচে চাঙ্গমাইৰ হতুআই বিস ক্ৰিয়া কৰাই মৰালে। এঁওৰ ভোগ ৩ বছৰ। ইতি। ১৮।

 পাচে চুত্যিঙ্গফা ৰজা দেও সিঙ্গৰি ঘৰ উঠিল। এঁও সততে নৰিয়া দেখি, এঁওকে নৰিয়া ৰজা বোলে। এঁৱেই সুকুলা হুদুক ভাঙ্গি টেপৰ তলিয়াৰ সৰিয়হক বুৰা গোহাঁই পাতিলে; এঁওক গুচাই বৰ বৰুআ হৈ থকাৰ পৰা আনি, হাতিপোআলিক বুৰা গোহাঁই পাতিলে। পাচে আকও সুকুলা হুদুকে বুৰা গোহাঁই পাতিলে; লাকুক মাৰি বানচঙ্গিয়া টেমাক বৰ পাত্ৰ পাতিলে; সৰু বুৰাক ভাঙ্গি চপৰাখোআক বৰ গোহাঁই পাতিলে। এঁওৰ পাচত আকও সৰু বুৰাকে ৰাজ মন্ত্ৰি বাবে সহিতে বৰ গোহাঁই পাতিলে। বুৰা গোহাঁই পৰিয়া হাতিপোআলিক বৰ বৰুআ পাতি, পাচে বুৰা গোহাঁই পাতিলেনি দেখি, সন্দিকৈৰ টঙ্গচুক বৰ বৰুআ পাতিলে। আৰু বদৰ তাপ সহিব নোআৰি আৰোআনত সকুলা গিলিপ