সমললৈ যাওক

পৃষ্ঠা:Assam Buranji.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫

ৰতে তিনি পহিয়া নাহৰ ফুল এপাহ পাই, সৰ্গদেৱক দিলত ৰজা দেৱে বোলে, বুপাৰ আজ্ঞা হল, মোৰ তিনি পসহে ভোগ আচে; এতেকে সকলো ৰাজ্য আহক, মই চাঁও, মোকো চাওক। এই কথা সুনি সকলো ৰাজ্য আহিল। সৰ্গদেও নাৱেৰে গৈ, দিখৌৰ দুয়ো পাৰে আহি থকা প্ৰজাক গা দেখাই বোলে, মোৰ কাল হল; সকলো লোকে মোক চাহক, ময়ো চাঁও; এই বুলি ব্ৰাহ্মন বুৰা লৰা তিৰতা এই সকলক দান দখিনা দিলে। পাচে ৰজা দেৱলৈ প্ৰজাৰ মোহ জন্মাত, সৰ্গদেৱৰ সলনি আমাবে এক স নৰবলি সদিয়াৰ আইলৈ দিমহক, তেও সৰ্গদেও কুসলে থাকক, এই বুলি হৰিধনিকৈ কোলাহাল কৰিবলৈ ধৰিলে। পাচে সৰ্গদেৱে বোলে, মোৰ কাল হল, কেনেকৈ ৰাখিবিহক, এই বুলি প্ৰজাক প্ৰবোধ দি নগৰলৈ আহি, ১৫৭১ সঁকত স্বৰ্গি হল; ভোগ ৩৮ বচৰ। এঁওৰে ৩ পুত্ৰ; প্ৰথম চুৰম, দুতিয় চুত্যিঙ্গ, ত্ৰিতিয় আৰু এজনা। ইতি। ১৭।

 এঁওৰ মৰনান্তে এঁওৰ বৰ পুত্ৰ চুৰমফা ১৫৭১ সঁকত ৰজা হল। এঁৱেই সলগুৰিৰ আলি কৰালে; ও লাকু বৰ পাত্ৰৰ পুত্ৰ লাহোক বৰ বৰুআ পাতিলে। এঁওৰ কুঁঅৰিএ তোলনিয়াকৈ কোঁঅৰ এটি তুলিচিলে; সেয়ে মৰিলত মোৰ লৰাই কাৰে উমলিব, অকলে কেনেকৈ থাকিব, এই বুলি কুঁঅৰিএ সৰ লগত লৰা কিচুমান দিবলৈ ৰজা দেৱত জনালত, বৰুআ