সমললৈ যাওক

পৃষ্ঠা:Assam Buranji.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪

চেটিয়া বোলে। আৰু ৰহাত কচাৰিব ফালৰ বাৰ্তা জনাই থাকিবলৈ নগৰত জেতিয়া জাৰ ঘবৰ বৰ বৰুআ হৈ থাকে, সেই বঙ্গহৰে এটা থাকিবলৈ দিলে; এঁওকে ৰহিয়াল বৰুআ বোলে। এবং জয়ন্তাৰ বাৰ্তা বুজি জনাই থাকিবলৈ জাগিত বুৰা গোহাঁই পৰিয়া জাগিয়াল গোহাঁই দিলে। ও কাজলিত ঐ জয়ন্তাৰো কিচু, এবং ডিমৰুআ গাৰোৰ ফালৰো বাৰ্তা জনাই থাকিবলৈ বৰ পাত্ৰ ও বৰ গোহাঁই দুয়ো ঘৰৰ বঙ্গহৰ দুজন কাজলি মুখিয়া গোহাঁই দিলে। এই বৰুআ গোহাঁইহঁতৰ পানি জাপিত ৰুপৰ চুলা ও ঢেকৰ লগা চাঙ্গি ও ৰাজ খোআ মৰ্জদা দিলে। জি হেতু অনেক প্ৰধান প্ৰধান কৰম কৰিলে, সেই হেতুকে হিন্দু মতে এঁও ৰজা দেওকে প্ৰতাপ- সিংহো বোলে।

 পাচে দেসত ক্ৰমে অনেক উতপাত হবলৈ ধৰিলে। মনুস্যত গাহৰিৰ আকাৰ জম্মিল, উসুআ ধান গজিল, উতৰে ফুল বাৰিত তিনি চকুআ মানুহ জম্মিল, দেস চানি কপুতিয়া সেন ওলাল, ইত্যাদি নানা উতপাত হল। ক্ৰমে সৰ্গদেৱৰ সৰিল বিসম পাই দেৱৰগাঁও দেৱালয়লৈ মানুহ পঠালে বোলে, বুপাত সোধগৈ, মোৰ কিমান দিন আচে? পাচে মানুহ গৈ দেৱতাত জনালত ৰাতি স্বপনত কলে বোলে, দেৱালয়ৰ ভিতৰতে ফুলনিত চাই নাহৰ ফুল এটা পাব; তাকে নি ৰজাক দিলেই বুজিব। পাচে পৰ দিনা ফুলনিত চাই আবত-