পৃষ্ঠা:Assam Buranji.djvu/৩৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩

বঙ্গা বেত, লোন, আত বাজে জি জি দুআৰত জি জি উতপন দ্ৰব্য তাকো দিএ।

 পৰে কিচু উতপাত অমঙ্গল হল, এবং ৰাজ মাঁও দেৱো ম্ৰিত্যু হল। এই হেতুকে সান্তি ও স্ৰাদ্ধ কৰিবলৈ সৰ্গদেও বাৰুকটা ঘাটলৈ গৈ, সান্তি সস্থিয়ন স্ৰাদ্ধ কৰি অনেক ব্ৰাহ্মনক সোন ৰুপ মাটি বহুত দান কৰিলে; এবং দেৱৰগাঁও দেৱালয়ৰ দৌল কৰি মাটি মানুহ উচৰ্গ কৰি দিলে। সেই দিনৰে পৰা দেৱোতৰ ব্ৰহ্মোতৰ চলে। পাচে কামৰুপৰ পৰিক্ষিত ৰজাৰে বিৰোধ লগাই, ভায়েক মালসিংহ আহি সৰনাগত হলহি। ৰাজ গোষ্টি দেখি দোলা আৰোআন দি, সিংহ নাম গুচাই মাল ৰজা নাম দি নামৰুপত পাতিলে। আৰু কোবোকা খহাই ফুটুকা তলিত জইখামৃডাঙ্গ খাত কৰালে, আৰু চৈয়নাৰ গৰ বন্ধালে। এবং পূৰ্বে চুখামফা ৰজা দেৱে বঙ্গহ বুলি সোনোআলি হিলৈ দিয়া মানুহ খনিকে বামুনি কোঁঅৰহঁতকে গোটাই, কেঁঅৰ হিলৈদাৰি খেল পাতিলে; গিয়াতি পাতি কোঁঅৰ নাম দিলে। আৰু পুৰ্বে ৰনলৈ পতা বামুনবোৰৰ লগুন তেনেই আচিলে; সেই লগুনবোৰ গুচাবলৈ লেকাই চেটিয়াক আজ্ঞা কৰিলে। আজ্ঞা মতে সকলো বামুনবোৰৰ লগুন গুচালে, তাৰে ৮ ঘৰ মানুহৰ লগুন ৰাখিলে; কিন্তু আগলৈ চিন থাকিবৰ নিমিতে আল অন্তত লগাই, ৮ ঘৰৰ ৮ টা নাম দিলে। এই কাৰণ লগুনৰ গুৰি লেকাই-