পৃষ্ঠা:Assam Buranji.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২

বোলে; মাজালি পাৰে মেৰা গৰ বোলে, উতৰ পাৰে চোআতল গৰ বোলে; এবং দোপ গৰ হাট কৰিলে। জবকাৰ আলি বকতাৰ আলি, পৰ্বতৰ আলি, হাৰিপৰা আলি, এই কেইটা আলি কৰিলে। আৰু নুমলি গৰ, নুমলি বাহৰ, ৰাঙ্গলু গৰ, ৰাঙ্গলু বাহৰ, সোনাৰি নৈৰ বাহৰ, এই সকল কৰালে। আৰু লোনপুৰিয়া কাটলুআ দি নাম্‌চাঙ্গ বৰ্‌হাটৰ নিবন্ধ কৰিলে। আৰু ৰৌমুৰিয়া গনক ভৰালি বৰুআই জনাই, হাট ফাটৰ দান পহাৰে পতি মাহে ৪ কৰা দৰে লগালে। আৰু লুইতৰে পৰা পৰ্বতলৈকে দখিন পাৰে চামধৰা গৰ বন্ধালে। বাৱভুঁয়াই পুনৰ মঠ ধৰাত ১৫৫৬ সঁকত ভাঙ্গি আনি স্থানান্তৰ কৰি বিলাতত পাতিলে। আৰু ডফলা গৰ বন্ধাই গৰুমুৰিয়া পাতি, মিৰি ডফলালৈ পঁচা লগাই, আবৰ ও মিৰি ও ডফলাৰ দুআৰ ভেদকৈ মাটি বিল বহতা কটকি দি, বচৰি পাল সেৱা নিবন্ধ কৰিলে; পাল সেৱাত দিব লগা দ্ৰব্য, জকা মেঠন মজাঠি। আৰু উতৰে দখিনে বচা দৈয়াঙ্গ মৰঙ্গি এনে নাম ভেদ কৰি ডাগি হাজাৰ স এক কুৰি নিবন্ধ কৰি, দেস পাতিলে। এবং ১৫৫৫ সঁকত কচাৰি দেসৰে ও আমাৰ দেশৰে মাজত ন নৈকে সিমা কৰি, মৰঙ্গিত ভাৰ্ধৰ চেটিয়াৰ মৰঙ্গি খোআ পাতিলে; ও নগা গৰ বন্ধাই নগাৰ দুআৰ ভেদকৈ পোহনি মাটি কটকি চৌতাঙ্গ দি, বচৰি পাল সেৱা নিবন্ধ কৰিলে; পাল সেৱাত দিব লগা দ্ৰব্য, মেঠন, বোলোআ চাগ, ৰঙ্গা চুলি,