পৃষ্ঠা:Assam Buranji.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১

ৰনতে থকবক বুৰা গোহাঁই পৰিলত, সুকুলা হুদুক বুৰা গোহাঁই পাতি, লাঙ্গি পানিসিয়াক বৰ ফুকন পাতি পঠালে; তাৰে পৰা বৰ ফুকন নাম ও বিসই হল। পাচে ক্ৰমে এই জনা ৰজাৰ দিনতে নেওগ ১, লানমাখ্ৰুৰ হালধিঠেঙ্গা ১, পিকচাই চেটিয়া ১, বুৰা গোহাঁই পৰিয়া সৰুচকুআ ১, আকও পিকচাই চেটিয়াই ১, ঐ লাঙ্গিএ সহিতে ৬ জনা বৰ ফুকন হল। এবং ৰানি ৰজা হল; আৰু লুকি ১, বকো ১, বনগঁয়া ১, চইগঁয়া ১, বগাই ১, পানতনিয়া ১, বৰ দুঅৰিয়া ১, ভোলাগঁয়া ১, মৰুআ পুৰিয়া ১, এই ৯ জনক ৰজা পোআলি নাম দিলে। পৰে বাঁহ গৰা ও সেই গৰতে ৮ খন দুআৰ কৰিলে। সলালৰ গৰ কৰি সলাল ফাট পাতিলে, ও বিস্বনাথৰো দৌল বন্ধালে। পাচে জামিৰ গুৰিত ৰুপহি নামেৰে পুখুৰি ও নগৰ কৰি, হাতি গৰ বান্ধি হাজাৰ হাতি ধৰিলে; কিন্তু হাজাৰ পুৰ হৈ হাতি জিয়াই নে থাকিল হেতুকে, নগৰৰ হস্তিনাপুৰ নাম দিয়া মনস্থ ভঙ্গ হলত গজপুৰ নাম দিলে। আৰু ঐ নগৰৰে পৰা গৰগাঁৱলৈকে বৰ আলি, ও তাৰে পৰা গাঁৱলৈ চটাই আলি বন্ধালে; আৰু পৰ্বতৰে পৰা মেকুৰিখোআলৈ আলি বন্ধালে, ও ডঁৰিকাত সিল সাকো বন্ধালে। পাচে মোমাই তামুলিক বৰ বৰুআ পাতিলে; তাৰে পৰা বৰ বৰুআ নামে বিসই হল। পাচে উতৰে দখিনে জুৰি ৰাজ্য খনকে মেৰাই ৰাজ গৰ বন্ধালে; এই গৰকে দখিন পাৰে লাহদৈ ও কোটোহা গৰ