পৃষ্ঠা:Assam Buranji.djvu/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯

তেপিদেব্যাঃপ্ৰসাদেনসিদ্ধিংগচ্ছন্তিনান্যথা।

 এই বচনেৰে বুজাত সৰ্গদেও আঠ চুকিয়া সৌমাৰৰ অধিপতি হৈচে, এবং অন্য ৰজাৰ এনে মোহৰ দেখাও নাই, এতেকে আঠচুকিয়া মোহৰকে সকলোএ ভাল দেখোঁ; এনে বোলাত সেই ৰুপেই ৰুপ সোনৰ চাকলি কৰাই বুধিস্বৰ্গনাৰায়ন নামৰে কেৱল স্বৰ্গনাৰায়ন নামেৰেই হিন্দু আখৰুআকৈ মোহৰ মৰালে। পাচে কোচানৰে ৰঘুদেৱে মঙ্গলদৈ নামে কন্যাক সৰ্গদেৱলৈ দি মিত্ৰ কৰিলে। এবং সিহঁতৰে বলিনাৰায়ন ৰজা আহি সগদেৱৰ সৰনাগত হোআত ধৰ্মনাৰায়ন নাম দি, দোলা আৰোআন দি ৰাজ মৰ্জদাৰে থলে। আৰু হেডম্বেস্বৰৰ অপদ্ৰৱত জয়ন্তাৰ ধনমানিক ৰজাই আমাৰে ভেদ লগাবৰ মনেৰে এটি কন্যা উদেস কৰি, কচাৰিৰ সাত গাঁৱৰ মাজে নিবলৈ ভাল বাট বুলি কৈ পঠালে। কচাৰিএ জয়ন্তা আমাৰ সত্ৰু বুলি বাট নি দিঁও বোলাত, আমাৰ ফৌজ গৈ সেই বাটেই কন্যা আনি দি পঠালে। পাচে ভিমবল কোঁঅৰে ৰাতি দগা মাৰি সকলো ফৌজ খন মাৰিলে; বৰ গোহাঁই ও সোন্দৰ গোহাঁই দুইৰো মুৰ কাটি নিলে। পাচে জয়ন্তাৰ জসমানিক ৰজাৰ অপদ্ৰৱত ডিমৰুআৰ মঙ্গল ৰজা আহি আমাৰ ৰজাৰ সৰনাগত হলাহি। সৰ্গদেৱে মোৰ সৰনাগত স্থাপিত হল বুলি, হাতি ও হেঙ্গদান দি মৰ্জদা দি ৰাখিলে; তাৰে পৰা ডিমৰুআ কৰতলিয়া হল। পাচে হাজোৰ পৰা বাদসাহব