পৃষ্ঠা:Assam Buranji.djvu/৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২৮ এৰি দিম ; এই বুলি খেদাত ১৯ ঢাল সােন্দৰ জিকিল, পাচৰ ঢালৰ জোৰ দহত লাগিল। ৰজাই বলে, এই জোৰ দহ ঢালিব পাৰিলে মােৰ দেশৰ জি জি মানুহ জাই তাকে এৰি দিম। পাচে গােহাঁয়ে একে জোৰ দহে গল বুলি, বিমুখে জোৰ দহ ঢালি পাস জিকিলে। পাচে আমাৰ নিয়া সকলে মাসুহ খনিক বঁটা বাহন দি গজসিংহক জিক লগত দি বিদাই দিলে। তাৰ দেশৰৰ তাতি সােনাবি অনেক বিতিয়াল মানুহ আহিল। আমাৰ খনি মানুহ আপােন খেলে খেলে নিলে ; কোচানৰ দেশৰ অহা খনি মানুহক নাডাঙ্গতে পাতিলে। ভাটিৰ মানুহ বহিল দেখি, সেই খনিকে ভটিয়াপাৰ বােলে। পৰে সােন্দব গোহাঁইৰ মুখে সেই দেশৰ বেৱহাৰ বুজি, পৰ- দেসি কটকি তােলাত ডাঙ্গৰিয়া সকল তিনি খনিয়াকৈ চন্দো- অৰি তৰি বহিবলৈ আজ্ঞা দিলে। আৰু পৰদেশলৈ মৰঙ্গিয়াল মানুহ পঠাই খনিকৰ সিকোআই আনি, কোচানৰ দেশৰ দৰে ব্রিম্মই মুর্তি কৰি দুর্গোত্সও পুজা চলালে। আৰু কোচানৰ ৰজাই নিজ নামেৰে হিন্দু আখৰুআ মােহৰ মৰা সুনি, সেই আখৰুকৈ মোহৰ কৰিবলৈ কেনে ঠানৰ মােহৰ কৰা হব বুলি, হিন্দু পণ্ডিত আদিত সােধাত পণ্ডিত সকলে জোগিনি তন্ত্র সাস্ত্র চাই কলে বােলে, অষ্টকোণঞ্চসৌমাৰংযত্রদিকৰবাসিনী। তম্মিম্বিশক্তিযেলােকাজ্ঞানাদজ্ঞানতােপিবা।