বেজাৰত দুয়ো জনা কুঁঅৰি আপোনা আপুনি কটাৰি হানি মৰিল। এঁওৰ দিনতে চাওপেত বুৰা গোহাঁই হল, ও বলিয়া বৰ পাত্ৰ হল। এঁও বুৰা গোহাঁয়ে কেকোৰা দোলাৰে নকচা লৰাই ওপৰে চালি মাৰি পোনাই দি ঢেকৰ দিঘলাই পহি চাঙ্গি নাম দি, চৰাৰ ফুকন কেই জনাক দিয়ালে।
পাচে মানৰ অপদ্ৰৱত নৰা ৰজা আহি নামৰুপত থাকি, ভাই ৰজা কিচু অনুকুল কৰক বুলি কৈ পঠালে। পাচে আমাৰ ৰজা দেৱে অতি সমাদৰ পুৰ্বকে সোধ পোচ কৰাত নৰা ৰজাই আপোনাৰ বৰ গোহাঁইৰ জিএকক অনেক জৌতক সহিতে আমাৰ ৰজা দেৱলৈ দিলে। জৌতকত অহা মানুহ নৰা কোঁঅৰ ও নৰাবাইলুঙ্গ ও নৰা এক হাজাৰ। আৰু এঁও ৰজা দেৱেই সলাল গোহাঁই নামে বিসই নিবন্ধ কৰি, বৰ গোহাঁই পৰিয়া মাদুৰিয়াল ফৈদৰ লেচাই ডাঙ্গ গোহাঁইক সলাল গোহাঁই পাতিলে।
আৰু পুৰ্বে কোচানৰ বিস্বসিংহে আস্ৰই লোআৰে পৰা বচৰি মানুহ পঠাই দ্ৰব্য জাত দি আচিলে। পৰে সেয়ে কম হবৰ দেখি অৱহেলা হেন বুজি সুধি পঠালত, লাজ পাই অসমৰ কৰতলিয়া নামটো গুচা বুলি পুতেক চিলাৰাইত কলে। পাচে ১৪৮৪ সঁকত চিলাৰাই জুধলৈ আহিলত বামুন নে মাৰে হেন জানি, অনেক সুদ্ৰক লগুন পিন্ধাই ৰনৰ আগত দিয়াত, বামুন দেখি চিলাৰাই হুহকি গল। পাচে এই ৰুপ চল কৰিলে বুলি