নগা আলি বন্ধালে। আৰু এঁওৰ দিনতে লাজান বুৰা গোহাঁই হল; এঁওৰ পাচত লাপেত ত্যাও্ফ্ৰংডাম বুৰা গোহাঁই হল; এঁওৰ পাচত আইখেক বুৰা গোহাঁই হল; ও কনচেঙ্গৰ পুত্ৰ কনজাঙ্গ বৰ পাত্ৰ গোহাঁই হল; আৰু ঐ আইখেক বুৰা গোহাঁই ৰাজমন্ত্ৰি হল; এঁও মন্ত্ৰিৰ পৰে ঐ তনখাম বৰ গোহাঁই ৰাজ মন্ত্ৰি হল। পাচে ১৪৭৪ সঁকত স্বৰ্গি হল, ভোগ ১৩ বচৰ। ইতি। ১৫।
এঁওৰ মৰনান্তে এঁওৰ দুই পুত্ৰৰ মধ্যে চুখাম্ফা ১৪৭৪ সঁকত ৰজা হল। হাতিএৰে ফুৰাত ভৰি এটিত পুৰ্বৰে দুখ পোআ আচিলে কাৰনে, এঁওকে খোৰা ৰজাও বোলে। এঁওৰে সোনাৰি জিয়ৰি সৰু মেচুলৌ বৰ মেচলৌ নামে দুজনা কুঁঅৰি; সোনাৰি লৰা নাহৰক দুয়ো কুঁঅৰিএ পো বোলাত নাহৰে কুঁঅৰিত বলেৰে তাৰ নামে আলি ও পুখুৰি কৰি, আনো অনেক সকতালি কাম কাজ কৰিবলৈ ধৰিলে। এদিন কুঁঅৰিহঁতে ৰজাত কলে বোলে, আমাৰ বঙ্গই সৰহ, তোমাৰ বঙ্গহহে নাই, এনে বোলাত ৰজাই ভাবিলে, মোৰ বঙ্গহ নাই হেন বুলি তোলনিয়া লৰা নাহৰ- লৈহে টানিচে; এনে ভাবি পৰ দিনা ৰজা দেৱে আপুনি ফুৰি, জাকে ভাল পালে তাক আনি বঙ্গহ বুলি সোনোআলি হিলৈ দি লগত ললেহি। পাচে ৰজাত অনুমতি লৈ ডাঙ্গৰিয়া সকলে নাহৰক মাৰিলে। পাচে আমাৰ লৰা মাৰিলে বুলি, নাহৰৰ