পৃষ্ঠা:Assam Buranji.djvu/২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৮

আৰু কচাৰিৰে জুধ হল। জুধত কাৰো পৰাজই নোহোআত মিলা মিলি কৰি আমাৰ ৰজাই চোআলি দি মিত্ৰ কৰাত কচাৰিএ মৰঙ্গিলৈকে অমাৰ ৰজাক এৰি দিলে। পুনৰ টঙ্গচু নগাৰে আকও ৰন হল। সেই ৰনতে আমাৰ ফালৰ ত্যাও- কাংবানৰেক‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‍​​​​ বৰ গোহাঁইৰ মুৰ নগাই নিলে। পাচে নঙ্গা- ৰাঙ্গ বৰ গোহাঁই হৈ গৈ চাঙ্গ গৰকি নগাক মাৰি নগাৰ লবা‌ চোআলি জাঠি ফৰ এনে আনিলে; আৰু সেই নগাৰে গোষ্ঠি টঙ্গচু ১ ঘৰ, লেফেৰা ১ ঘৰ, মৌপিয়া ১ ঘৰ, এই কেই ঘৰ ঘৰোআহিকৈ আনিলে। পাচে ঐ খেনলুঙ্গ বুৰা গোহাঁইৰ অনুমতিৰে লানতু্ৰুনবান নামক খুন্তাই অহমে চাঙ্গৰ চঁচ আওঁতাবলৈ গৈ, ১৪১৫ সঁকত জোঙ্গলা বাঁহেৰে ৰজা দেওক খুচি মাৰিলে। ভোগ ৫ বচৰ। ইতি। ১২।

 এঁওৰ মৰনান্তে এওঁৰ ৩ পুত্ৰৰ মধ্যে চুপিম্‌ফা ১৪১৫ সঁকত ৰজা হল। পাচে পিত্ৰি বধি লান্‌তুৰুন্‌বানক ঘৰো- আহিকৈ সুলত দিলে। তাৰ বংসৰ সকলো লোকক দৰিয়াত পাতিলে। ঐ বুৰা গোহাঁইকো দোসানুৰুপ দণ্ড কৰি ফনলুঙ্গ- খামপেঙ্গক ৰাজমন্ত্ৰি বাব দি বুৰা গোহাঁই পাতিলে। পাচে ১৪১৯ সঁকত স্বৰ্গি হল। ভোগ ৪ বচৰ। ইতি। ১৩| বুৰঞ্জি সাৰে দ্বিতিয় খণ্ডং।

———